দেশত কৰ’না আক্ৰান্তৰ হাহাকাৰ; পৰিয়ালৰ সৈতে গোপনে ভেকচিন ল’লে কিম-জং-উনে

WhatsApp Image 2020-12-01 at 12.54.42 PM

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম-জং-উনে কৰ’নাৰ ভেকচিন লৈছে। জাপানৰ দুটা চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতিৰে 19fortyfive.com ৰ এক বাতৰিত এই দাবী কৰা হৈছে।

বাতৰি অনুসৰি, কিম জঙৰ লগতে উত্তৰ কোৰিয়াৰ আন কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ বিষয়া তথা কিমৰ পৰিয়ালৰ লোককো কৰ’নাৰ ভেকচিন দিয়া হৈছে।

বাতৰি মতে, চীন চৰকাৰে উত্তৰ কোৰিয়াক গোপনে কৰ’না ভেকচিন যোগান ধৰিছে। যোৱা দুই-তিনি সপ্তাহৰ ভিতৰতে কিম আৰু আন লোককেইজনে ভেকচিন লোৱা বুলি কোৱা হৈছে।

উত্তৰ কোৰিয়া বৰ্তমান কৰ’না ভাইৰাছৰ দ্বাৰা অধিক আক্ৰান্ত হোৱাৰ কথা জানিব পৰা গৈছে। অৱশ্যে, দেশখনে চৰকাৰীভাৱে কৰ’না আক্ৰান্তৰ কোনো তথ্য ৰাজহুৱা কৰা নাই।

পূৰ্বৰে পৰা দেশখনৰ এক বৃহৎ জনসংখ্যা দৰিদ্ৰতাৰ গৰাহত পৰাৰ পাছত কৰ’নাৰ সংক্ৰমণৰ ফলত উত্তৰ কোৰিয়াৰ আৰ্থিক পৰিস্থিতি অধিক অৱনতি ঘটিছে। দেশখনে বিভিন্ন ধৰণে অৰ্থনৈতিক প্ৰতিবন্ধকতাৰো সন্মুখীন হ’বলগীয়া হৈছে।

উত্তৰ কোৰিয়াই যোৱা জানুৱাৰি মাহতে কৰ’না প্ৰতিৰোধৰ বাবে দেশখনৰ সীমা বন্ধ কৰি দিছিল যদিও দেশখনত কৰ’নাৰ সংক্ৰমণৰ কিছু ঘটনা পোহৰলৈ আহে।

কিছুদিন পূৰ্বে  আন এক প্ৰতিবেদনত দাবী কৰা মতে, উত্তৰ কোৰিয়াই দেশখনৰ কৰ’না আক্ৰান্তসকলক গোপন শিৱিৰত ভোকত মৰিবলৈ এৰি দিছিল।