‘পুষ্পা ২’ৰ আইটেম ছঙত আল্লু অৰ্জুনৰ সৈতে নৃত্য কৰিব শ্ৰদ্ধা কাপুৰে!

পুষ্পাই আকৌ বক্স অফিচত আলোড়ন তুলিবলৈ আহি আছে! পুষ্পা ফ্ৰেঞ্চাইজিৰ দ্বিতীয় পৰ্বৰ ঘোষণাৰ পিছৰে পৰাই দৰ্শকৰ মাজত উত্তেজনা বিৰাজ কৰিছে। ইতিমধ্যে ছবিখনৰ প্ৰথম আভাস আৰু এটা গীত ওলাইছে যিয়ে দৰ্শকৰ মাজত এক উন্মাদনাৰ সৃষ্টি কৰিছে।

এইবাৰ আৰু এটা ডাঙৰ আপডেট আহিছে ‘পুষ্পা ২’ (Pushpa 2: The Rule) ছবিখনৰ বিষয়ে। শুনা গৈছে যে বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে এই ছবিখনত নৃত্যৰে চমক দিবলৈ গৈ আছে।

কোভিড পৰিস্থিতিৰ মাজতে ২০২১ চনত পুষ্পা অৰ্থাৎ ‘পুষ্পা: দ্য ৰাইজ’ ছবিখনৰ প্ৰথম খণ্ড মুক্তি পায়। এই ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰে। কেৱল ছবিখনেই নহয় এই ছবিখনৰ গীতবোৰো বিপুল হিট হৈছিল। ইয়াৰ ভিতৰত সামান্থা প্ৰভুৰ ছবিখনৰ আইটেম ছং ‘উ অন্তাভা’ই উত্তাপ বৃদ্ধি কৰিছিল।

লগতে পঢ়কঃ স্বামী-স্ত্ৰীয়ে একেলগে এইবোৰ কামবোৰ কৰা উচিত নহয়, কৈছে চাণক্য নীতিয়ে

এইবাৰ আহি আছে পুষ্পাৰ দ্বিতীয় খণ্ড অৰ্থাৎ ‘পুষ্পা ২: দ্য ৰুল’। এই ছবিখনতো প্ৰযোজকৰ এটা আইটেম গীত থাকিব। যিটো ছবিখনৰ প্ৰথম খণ্ডৰ আইটেম ছঙতকৈ ডাঙৰ হ’ব।

‘পুষ্পা ২: দ্য ৰুল’ ছবিখনৰ আইটেম ছঙত আল্লু অৰ্জুনৰ সৈতে কোনগৰাকী অভিনেত্ৰীক দেখা যাব তাক লৈ বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। দিশা পাটানী, তৃপ্তি ডিমৰিকে ধৰি বহু অভিনেত্ৰীৰ নাম আইটেম ছঙৰ বাবে চৰ্চালৈ আহিছে। কিন্তু এইবাৰ আইটেম গীতটোৰ নতুন খবৰ চৰ্চালৈ আহিছে যে ‘পুষ্পা ২: দ্য ৰুল’ চিনেমাৰ আইটেম ছঙত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক দেখা যাব আল্লু অৰ্জুনৰ সৈতে।

‘স্ত্ৰী ২’ত সকলোকে মোহিত কৰাৰ পিছত এতিয়া শ্ৰদ্ধা কাপুৰে ‘পুষ্পা ২’ত নিজৰ মোহময়ী অৱতাৰ দেখুৱাবলৈ সাজু হৈছে। বৰ্তমান ‘স্ত্ৰী ২’ত শ্ৰদ্ধাৰ অভিনয়ক দৰ্শকে যথেষ্ট শলাগ লৈছে। অভিনেত্ৰীগৰাকীৰ জনপ্ৰিয়তা শীৰ্ষত উপনীত হৈছে। পুষ্পাৰ নিৰ্মাতাসকলে এই পৰিস্থিতিৰ সুযোগ লব বিচাৰিছে।

লগতে পঢ়কঃ মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত এজন লোকৰ মৃত্যু

নেটিজেনসকলে অনুভৱ কৰে যে ‘পুষ্পা ২: দ্য ৰুল’ ছবিখনত শ্ৰদ্ধা কাপুৰৰ অভিনয়ে দৰ্শকৰ মাজত উত্তেজনা দুগুণ বৃদ্ধি কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই নিৰ্মাতাসকলে। অহা ৬ ডিচেম্বৰত ডাঙৰ পৰ্দাত মুক্তি পাব ‘পুষ্পা ২: দ্য ৰুল’। আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দানাৰ কেমেষ্ট্ৰি পুনৰ এই ছবিখনত দেখা যাব। লগতে খলনায়ক চৰিত্ৰত থাকিব ফয়াদ ফচিল।