আফগানিস্তানত তালিবানৰ নতুন চৰকাৰৰ নেতৃত্বত মোল্লা বৰাদৰ! ঘোষণাৰ পূৰ্বেই সৰৱ চৰ্চা

Mullah-Abdul-Ghani-Baradar- Taliban

মোল্লা আব্দুল ঘানী বৰাদৰ।

শুকুৰবাৰে আফগানিস্তানৰ নতুন চৰকাৰ গঠন কৰিব তালিবানে। তালিবানৰ এই নতুন চৰকাৰৰ কোনে নেতৃত্ব দিব তাক লৈ চৰ্চা চলিছে।

সূত্ৰসমূহৰ মতে, তালিবানৰ সহ প্ৰতিষ্ঠাপক মোল্লা আব্দুল ঘানি বৰাদৰেই নতুন চৰকাৰখনৰ নেতৃত্ব দিব। ইতিমধ্যে তালিবানৰ গুৰুত্বপূৰ্ণ নেতাসকল কান্দাহাৰত আহি উপস্থিত হৈছে। সেইদৰে আলোচনা চলি আছে আৰু নামাজৰ পাছতে চৰকাৰৰ ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, মোল্লা বৰাদৰৰ উপৰি নতুন চৰকাৰৰ শীৰ্ষ পদত থাকিব মোল্লা ওমৰৰ পুত্ৰ মোল্লা মহম্মদ ইয়াকুৱ আৰু শ্বেৰ মহম্মদৰ দৰে কেইবাগৰাকীও নেতা। অৱশ্যে, বৰাদৰ লগতে আখুন্দজাদাৰ নামো নেতৃত্বৰ বাবে চৰ্চাত আছে।

সূত্ৰসমূহৰ মতে, ইৰানৰ আৰ্হিত তালিবানে চৰকাৰ গঠন কৰিব আৰু চৰকাৰৰ নেতৃত্ব দিব এই জ্যেষ্ঠ নেতাই।

ইপিনে, চৰকাৰ গঠনৰ পূৰ্বেই তালিবান সকলৰ সংঘাতৰ কথা পোহৰলৈ আহিছে। মন্ত্ৰীসভাত স্থান পোৱাক লৈ হাক্কানি গোষ্ঠী আৰু কান্দাহাৰৰ মোল্লা ইয়াকুৱ গোষ্ঠীৰ মাজত মতভেদ দেখা গৈছে। চৰকাৰ গঠনৰ পূৰ্বেই এই বিষয়টোৱে তালিবানক অস্বস্তিত পেলাইছে।

তালিবানৰ সেনাবাহিনীৰ দায়িত্বত থকা মোল্লা ইয়াকুৱ গোষ্ঠীয়ে নতুন মন্ত্ৰীসভাত নিজৰ স্থান মজবুত কৰিবলৈ তৎপৰ হৈ পৰিছে। সেইদৰে হাক্কানি গোষ্ঠীয়েও চৰকাৰত নিজৰ আধিপত্য বিচাৰিছে। অকল এই দুই গোষ্ঠীয়েই নহয়, আন আন গোষ্ঠীসমূহেও নিজৰ নিজৰ অধিকাৰক লৈ সৰৱ হৈছে।

শুকুৰবাৰে সন্ধিয়াৰ ভিতৰতে তালিবানৰ নতুন চৰকাৰ সম্পৰ্কত সকলো কথা স্পষ্ট হৈ পৰিব বুলি আশা কৰা হৈছে।