এইচ্চআইভি/এইডছ সজাগতামূলক বেষ্টার্ন ৰকবেণ্ড প্ৰতিযোগিতা সম্পন্ন

Bottle-Rockets-performs-at-the-ASACS-organised-competition.-750x375

অসম এইডছ নিয়ন্ত্ৰণ ছ’চাইটী (Assam State AIDS Control Society চমুকৈ ASACS) ইয়াৰ মাল্টিমেডিয়া অভিযানৰ এটা অংশ হিচাপে এইচ্চআইভি/এইডছ সজাগতামূলক বেষ্টার্ন ৰকবেণ্ড প্ৰতিযোগিতা সম্পন্ন হৈ যায়। যোৱা ২০ জানুৱাৰি দেওবাৰে খানাপাৰাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ৰাজ্যিক প্ৰতিষ্ঠানৰ আলোচনাকক্ষত এই প্ৰতিযোগিতা আয়োজন কৰা হয়।

এই প্ৰতিযোগিতাত মুঠ ৪টা বেণ্ডে যোগদান কৰে। বটল ৰকেটছ( Bottle Rockets), বেটল ছিম্ফনি( Battle Symphony), একজিষ্টেন্স আফটাৰ ট্ৰেছল ( Existence after Trestle) আৰু টাইৰেনিয়ান (Tyrrhenian) এই ৰকবেণ্ড কেইটাই প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ত অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেণ্ডটো হৈছে টাইৰেনিয়ান। বটল ৰকেটছ আৰু একজিষ্টেন্স আফটাৰ ট্ৰেছল বেণ্ড প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপ নিৰ্বাচিত হয়।

বিজয়ী বেণ্ডটোক ১৫,০০০ টকা নগদ ধন আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। আনহাতে প্ৰথম আৰু দ্বিতীয় ৰানাৰ আপ বেণ্ডক ক্ৰমে নগদ ১২,০০০ টকা আৰু ১০,০০০ টকা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

নিয়ম অনুসৰি, প্ৰতিযোগিতাক অংশগ্ৰহণকাৰী বেণ্ডসমূহক অমিতাভ বৰুৱা (গীটাৰ বাদক), হৃদয় গোস্বামী (কণ্ঠ) আৰু গৌৰৱ বনিয়াৰে (ড্ৰাম বাদক)গঠিত এখন পেনেলে বিচাৰ কৰে। বিচাৰত বেণ্ডসমূহৰ পৰিৱেশনা, সংহতকৰণ, মত বিনিময় দক্ষতা, এইচ্চআইভি/এইডছ সজাগতামূলক সংগীত আৰু সময় ব্যৱস্থাপনাৰ গুণগত মানদণ্ড আদিৰ ভিত্তিত নিৰ্বাচিত কৰা হৈছিল। উল্লেখ্য যে বিজয়ী দলটোৱে কোহিমাত  ১৮ ফেব্ৰুৱাৰি, ২০১৯ তাৰিখে নৰ্থইষ্ট মাল্টিমেডিয়া ইভেণ্টত অংশগ্ৰহণ কৰিব।