বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশাকৰ্মীৰ অভিৱৰ্তন

আজি বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে আশা অভিৱৰ্তন-২০২২ অনুষ্ঠিত হয় ৷

এই আশা অভিৱৰ্তনত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকি আশাকৰ্মীসকলক উৎসাহিত কৰে।

ভাষণ প্ৰসংগত উপায়ুক্ত ডা:লক্ষ্মী প্ৰিয়াই কয় যে আশাকৰ্মীসকলে স্বাস্থ্য বিভাগৰ সকলো কামতে সহায়-সহযোগিতা আগবঢ়াই কামসমূহ সম্পন্ন কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

উদাহৰণ স্বৰূপে কোভিডৰ সংক্ৰমণৰ সময়ত আশাকৰ্মীসকলে উল্লেখযোগ্য ভূমিকা লৈ সংক্ৰমণ প্ৰতিৰোধত সহযোগিতা আগবঢ়াইছিল।তেনেদৰে শিশুৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাতো বিশেষ ভূমিকা লৈ আছে।জিলাখনত জটিলতা থকা গৰ্ভৱতী মহিলাৰ বাবে উপায়ুক্তগৰাকীৰ উদ্যোগত লোৱা জিলাভিত্তিক প্ৰকল্প”প্ৰকল্প সৌভাগ্য”ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে আশাকৰ্মীসকলে।

আশাকৰ্মীসকলৰ সকলো ধৰণৰ সহায়-সহযোগিতাৰ বাবে তেওঁলোকক উপায়ুক্তগৰাকীয়ে বিশেষভাৱে প্ৰশংসা কৰে আৰু ধন্যবাদ জনায়। লগতে অভিৱৰ্তনৰ এই শুভ মুহুৰ্তত সকলো চিকিৎসক-নাৰ্চৰ লগতে এই বিভাগৰ বিষয়ববীয়াক ধন্যবাদ জনায়। তেওঁ ভাষণৰ অংশ হিচাপে এটি গীতো পৰিৱেশন কৰে ৷

উল্লেখ্য যে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ভূপেন বৈশ্যই আদৰণি ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা কৰা অভিৱৰ্তনত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য)শ্যামল ক্ষেত্ৰ গগৈৰ লগতে সকলো চিকিৎসক, নাৰ্চ আৰু আন আন স্বাস্থ্য বিভাগৰ লগত জড়িত বিষয়ববীয়া উপস্থিত থাকে। আশা অভিবৰ্তনৰ অংশ হিচাপে জিলাখনৰ মুঠ ৭৩৯ গৰাকী আশাকৰ্মীক একোটাকৈ ছাতি, এখন বেগ, একোটা ৱাল ঘড়ী আৰু একোটাকৈ কফি মগ উদগনিমূলক উপহাৰ হিচাপে প্ৰদান কৰা হয় ৷

বিভাগটোৰ অন্তৰ্গত বঙাইগাঁৱৰ ১৫০০(পোন্ধৰ শ)ৰো অধিক বিষয়ববীয়াক এই উপহাৰসমূহ প্ৰদান কৰা হয়।আনহাতে প্ৰকল্প “আৱৰণ” আৰু প্ৰকল্প”সৌভাগ্য”ৰ কামৰ লগত জড়িত চিকিৎসক তথা নাৰ্চসকলকো একোটাকৈ হাত ঘড়ী উপহাৰ হিচাপে আগবঢ়োৱা হয়। সেইদৰে ‘আশা কিৰণ’ ৰ চেকো বিতৰণ কৰা হয় ৷ অভিৱৰ্তনত আশাকৰ্মীসকলে বিভিন্ন গীত, বিহু নৃত্য, নাগাৰা নাম , জেং বিহুকে ধৰি বিভিন্ন নৃত্য- গীত পৰিৱেশন কৰে ৷

ইপিনে অভিৱৰ্তনত আশাকৰ্মীসকলে বিহু নৃত্য পৰিৱেশন কৰি থকাত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াও আশাকৰ্মীসকলৰ সৈতে এপাক বিহু নাচে ৷