NORTHEAST NOW (Assamese)

সোণৰ নীৰজ, ৰূপৰ কিশোৰ : এছিয়ান গেমছৰ জেভলিন থ্ৰ’ত প্ৰথম আৰু দ্বিতীয় খিতাপ কঢ়িয়াই আনিলে দুই ভাৰতীয়ই

October 4, 2023 7:00 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি নীৰজ চোপ্ৰাই এছিয়ান গেমছৰ জেভলিন থ্ৰ’ত স্বৰ্ণ পদক আজুৰি আনি নিজৰ গৌৰৱ অক্ষুণ্ণ ৰাখে। লগতে দ্বিতীয় খিতাপেৰে ৰূপৰ পদক কঢ়িয়াই আনে কিশোৰ জেনাই।

এনেদৰেই একেটা ইভেন্টৰ প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰি একেলগে দুই ভাৰতীয়ই গৌৰৱ কঢ়িয়াই আনে।

হাৰিয়ানাৰ নীৰজ চোপ্ৰাই ৮৮.৮৮ মিটাৰ জেভলিন থ্ৰ’ৰে স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে উৰিষ্যাৰ কিশোৰ জেনাই ৮৭.৫৪ মিটাৰ জেভলিন নিক্ষেপ কৰি ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হয়। 

আনহাতে তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভ কৰা ডিন জেনকিয়ে ৮০ মিটাৰ দূৰত্বলৈ জেভলিন থ্ৰ’ কৰিলেও দ্বিতীয় স্থানৰ পৰা পাঁচ মিটাৰ পিছ পৰি থাকে।

Related News