লক্ষ্য সজাগতা বৃদ্ধি আৰু নিযুক্তি: এইচ.আই.ভি পজিটিভ কৰ্মচাৰীৰে এছিয়াৰ প্ৰথমখন কেফে মুকলি

Asia's first cafe with all HIV positive staff

কলকাতাত মুকলি কৰা হৈছে এখন বিশেষ কেফে। এই কেফেখন পৰিচালনা কৰা সকলো কৰ্মচাৰীয়েই এইচ.আই.ভি পজিটিভ। এইদৰে এই কেফেখন এইচ.আই.ভি পজিটিভ কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত এছিয়াৰ প্ৰথমখন কেফে হিচাপে পৰিগণিত হৈছে।

‘কেফে পজিটিভ’ নামৰ এই কেফেখনৰ উদ্দেশ্য হৈছে এইচ.আই.ভি সম্পৰ্কে সজাগতা বৃদ্ধি কৰা আৰু এইচ.আই.ভি পজিটিভ লোকসকলৰ বাবে নিযুক্তি সৃষ্টি কৰা।

‘কেফে পজিটিভ’ত মুঠ ৭ জন কৰ্মচাৰী আছে। এই আটাইকেইজন কৰ্মচাৰী এইচ.আই.ভি. পজিটিভ।

কেফেখনৰ গৰাকী কল্লোল ঘোষে আনন্দঘৰ নামৰ এটা বেচৰকাৰী সংগঠনো প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনটোৱে মানসিকভাৱে অসুস্থ শিশু আৰু এইচ.আই.ভি পজিটিভ লোকৰ বাবে কাম কৰে।

ঘোষে জানিবলৈ দিয়া মতে তেওঁ ফ্ৰেংকফুর্টৰ এখন কেফেৰ দ্বাৰা বিশেষভাৱে অনুপ্ৰাণিত হৈছিল। এই কেফেখন সম্পূৰ্ণৰূপে এইচ.আই.ভি পজিটিভ লোকৰ দ্বাৰা পৰিচালিত হৈছিল।

“শিশু ন্যায় আইন অনুসৰি ১৮ বছৰ বয়সৰ পিছত তেওঁলোক শিশুগৃহত থাকিব নোৱাৰে। এই শিশুসকল ক’লৈ যাব? তেওঁলোকক নিযুক্তিৰ প্ৰয়োজন।”— ঘোষে কয়।

ঘোষে জানিবলৈ দিয়ে যে তেওঁ প্ৰথমবাৰৰ বাবে ২০১৮ চনত এখন কেফে খুলিছিল আৰু এতিয়া এই ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। ঘোষে লগতে কয় যে তেওঁ পূৱ ভাৰতত ৩০ খন এনে ধৰণৰ কেফে মুকলি কৰাৰ পৰিকল্পনা কৰিছে আৰু প্ৰশিক্ষণৰ বাবে ৮০০ জন লোকক বাচনি কৰিছে।

অৱশ্যে, ঘোষে কৈছিল যে কেফেখনৰ প্ৰতি মানুহৰ প্ৰতিক্ৰিয়া সদায়ে ইতিবাচক নহয়। “কিছুমান লোকে কৰ্মচাৰীসকল এইচ.আই.ভি. পজিটিভ বুলি জানিব পাৰিলে অস্বস্তিত পৰে। আমি তেওঁলোকক সকলো কথা বুজাই দিওঁ। বুজি পোৱা অধিক সংখ্যক লোক কেফেত থাকে যদি, কিছুমানে ওলাই যায়।”— ঘোষে কয়।

ঘোষে লগতে কয় যে আৰম্ভণিতে কেফেখনৰ প্ৰতি চুবুৰীয়া মানুহৰ এটা ঋণাত্মক ধাৰণা আছিল। কিন্তু সোনকালেই উপলব্ধি কৰিছিল যে এইচ.আই.ভি. পজিটিভ লোকসকল আন সকলো মানুহৰ দৰেই।