NORTHEAST NOW (Assamese)

ধেমাজি বিস্ফোৰণ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ৰায়দান অধ্যয়ন কৰিবলৈ ডিজিপিক নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে 

August 26, 2023 8:31 am · এন ই নাও নিউজ, গুৱাহাটী

২০০৪ চনৰ ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ সকলো অভিযুক্তক গৌহাটী উচ্চ ন্যায়ালয়ে সকলো অভিযোগৰ পৰা মুক্ত কৰাৰ এদিন পিছতে শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক আদালতৰ ৰায় অধ্যয়ন কৰিবলৈ কয়।

গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে তেওঁৰ চৰকাৰে এই ৰায়ৰ বিৰুদ্ধে সম্যক অধ্যয়নৰ পাছতহে উচ্চতম ন্যায়ালয়ত আপীল কৰাৰ সন্দৰ্ভত এক সিদ্ধান্ত ল’ব৷

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘মই ডিজিপিক উচ্চ ন্যায়ালয়ৰ ৰায় অধ্যয়ন কৰিবলৈ কৈছোঁ, আৰু যদি আমি আইনী পৰামৰ্শ পাওঁ তেন্তে আমি ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিম। সন্মানীয় বিচাৰকসকলে কেনেকৈ এই সিদ্ধান্তত উপনীত হৈছে সেয়া অধ্যয়ন কৰি লওঁ। ৰায়দানৰ কপি কালিলৈকে উপলব্ধ নাছিল।”

উল্লেখযোগ্য যে ২০০৪ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱস দিনা অসমৰ ধেমাজি জিলাত সংঘটিত বোমা বিস্ফোৰণত ১৮টা শিশুৰ মৃত্যু হৈছিল। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ আছমে।

এই বিষয়ত ছয়জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল নিম্ন আদালতে। আদালতে দিপাঞ্জলি বুঢ়াগোহাঁই, মুহি হাণ্ডিক, যতীন ডুবৰী, আৰু লীলা গগৈক আজীৱন কাৰাদণ্ড ঘোষণা কৰিছিল।

তদুপৰি প্ৰশান্ত ভূঞা আৰু হেমেন গগৈকে ধৰি আন দুজন লোকক চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। কিন্তু শেহতীয়াকৈ আটাইকেইজনকে দোষমুক্ত কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Related News