“কা” বিৰোধী শক্তিশালী প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান অসম আন্দোলন সংগ্ৰামী মঞ্চৰ

a jahno

বিজেপিক ওফৰাবৰ বাবে কা সমৰ্থক মিত্ৰজোটৰ বিৰুদ্ধে এজন সক্ষম কা বিৰোধী প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাইছে অসম আন্দোলন সংগ্ৰামী মঞ্চই।

বুধবাৰে অসম আন্দোলন সংগ্ৰামী মঞ্চই এই সন্দৰ্ভত দিছপুৰ প্ৰেছ ক্লাৱত এখনি সংবাদমেল অনুষ্ঠিত কৰে।

যত অসম আন্দোলন সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক প্ৰণৱ গোস্বামীয়ে কয় -” আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যেন তেওঁলোকে অসমখনৰ ভৱিষ্যতৰ বাবে কা বিৰোধী এজন দক্ষ তথা সক্ষম প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰে যেন।”

অসমৰ জনগণৰ বৃহত্তৰ স্বাৰ্থত বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ জাতীয় অস্তিত্ব তথা ভাষা সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত বিজেপি মিত্ৰজোট বিৰোধী ৰাজনৈতিক শক্তিসমূহ একত্ৰিত কৰাৰ বাবে মঞ্চই আহ্বান জনায়।

ইপিনে অসম আন্দোলন সংগ্ৰামী মঞ্চৰ আহ্বানক গ্ৰহণ নকৰি নিজা নিজা প্ৰাৰ্থী থিয় কৰাই ভোট বিভাজনৰ জৰিয়তে পুনৰ বিজেপি চৰকাৰৰ পথ সুগম কৰা পৰিলক্ষিত হৈছে বুলি সংবাদমেলত গোস্বামীয়ে কয়।

তেওঁ লগতে কয় “সেইবাবে যিকোনো ত্যাগৰ বিনিময়ত জাতিৰ স্বাৰ্থত আগন্তুক নিৰ্বাচনত অসম প্ৰেমী ৰাইজক “কা” বিৰোধী শক্তিশালী প্ৰাৰ্থীক ভোট দিয়ে যেন।”