মাজুলীত অসম ভাওনা সমাৰোহ: ১৫০০০ হাজাৰ দৰ্শকে একেলগে দৰ্শন কৰিব পাৰিব ভাওনা

20200118_144702

ফটো: নৰ্থইষ্ট নাও

কাইলৈ অৰ্থাৎ দেওবাৰৰ পৰা মাজুলীত আৰম্ভ হ’ব অসম ভাওনা সমাৰোহ ২০২০। সমাৰোহৰ বাবে ইতিমধ্যে সজাই তোলা হৈছে বৃহৎ আকাৰৰ নামঘৰ।

ইপিনে, ১৫০০০ হাজাৰ দৰ্শকে একেলগে ভাওনা দৰ্শন কৰিব পৰাকৈ সজাই তোলা হৈছে ভাওনাথলি। ভাওনাত ৰাজ্যৰ ২৮টা ভাওনাৰ দলে অংশ ল’ব।

উদ্বোধনী অনুষ্ঠানত দুহেজাৰ গৰাকী নাম লগোৱাৰ সমস্বৰ নামৰ ধ্বনিৰে মুখৰিত হব মণিকাঞ্চন ৰংগ ক্ষেত্ৰ।

তদুপৰি, সমাৰোহ থলিত উন্মোচন কৰা হ’ব দহ হেজাৰ নামঘৰৰ ইতিবৃত্ত সম্বলিত এখন গ্ৰন্থ।

২০০৬ চনৰ পৰা প্ৰতি দুবছৰৰ মুৰে মুৰে অনুষ্ঠিত কৰি অহা অসম ভাওনা সমাৰোহৰ এই বাৰ অষ্টম বৰ্ষত আউনীআটী সত্ৰৰ সমীপৰ মনিকাঞ্চন ৰংগক্ষেত্ৰত প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে।

১৯ জানুৱাৰিৰ পৰা ১ ফেব্ৰুৱাৰিলৈকে অনুষ্ঠিত হ’বলগীয়া সমাৰোহ খনিত মুঠ ২৮ খন ভাওনা প্ৰদৰ্শিত হ’ব।

প্ৰতিদিনে ভাওনা উদ্বোধন কৰিব সংগীত শিল্পী অংগৰাগ মহন্ত, বিশিষ্ট বোলছবি অভিনেতা যতীন বৰা প্ৰমূখ্য বহু কেইজন বিশিষ্ট শিল্পী,সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী, তথা সত্ৰাধিকাৰে।

ভাওনা সমাৰোহৰ শেষৰ দিনা “ভাওনা ৰত্ন” ” ভাওনা মহীয়ান” আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ২০ গৰাকী সাহিত্য,সংস্কৃতি,কলা সাধকক সম্বৰ্ধনা জনোৱা হ’ব।

তদুপৰি, এই সমাৰোহতে অসমৰ বিভিন্ন ঠাইৰ দহ হেজাৰ নামঘৰৰ ইতিহাস সম্বলিত”নামঘৰৰ ইতিহাস পৰিচয়” নামৰ গ্ৰন্থ খনৰ প্ৰথম খণ্ড উন্মোচন কৰা হ’ব।

সমাৰোহৰ কাৰ্যসূচী অনুসৰি ১৯ ফেব্ৰুৱাৰি-৮-৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ড পীতাম্বৰ দেৱগোস্বামীয়ে।

৯ বজাত মনিকূটৰ দ্বাৰ মুকলি আৰু নাম প্ৰসংগ।১০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে।

ভোজনালয়ৰ দ্বাৰ উদ্ঘাটন কৰিব  ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক ডাঃ হেমহৰি পেগুৱে। ১০-৩০ বজাত গ্ৰন্থ মেলা উন্মোচন কৰিব শিবসাগৰৰ বিশিষ্ট চিকিৎসক ডাঃ অখিল হাজৰিকাই ।

১১ বজাত দুহেজাৰ গৰাকী নামলগোৱাৰ নামৰ ধ্বনিৰে উদ্বোধনী সভাত সভাপতিত্ব কৰিব ডo পীতাম্বৰ দেৱগোস্বামীয়ে। সন্মানীয় অতিথিৰ আসনত থাকিব সত্ৰাধিকাৰ সকলৰ লগতে উজ্জয়নী মহামণ্ডলেশ্বৰৰ কেশব দাস।

নামঘৰ ইতিহাস, গ্ৰন্থ উন্মোচন কৰিব নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দীপক শৰ্মাই । সভাত অসমৰ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

বিয়লি ১ বজাত যোৰহাট মঞ্জুলা কলা কেন্দ্ৰই পৰিবেশন কৰিব “ৰাম বিজয়” নাট। সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেবানন্দ গোস্বামীয়ে।

সন্ধিয়া ৫-০০ বজাত প্ৰতিযোগিতাৰ প্ৰথম নিশাৰ ভাওনা উদ্বোধন কৰিব অসমৰ বিশিষ্ট সংগীত শিল্পী অংগৰাগ মহন্তই।