অসমত পৰৱৰ্তী চৰকাৰ কোনে বনাব সেইয়া অগপৰ হাতীয়েহে দেখুৱাব : অতুল বৰা

বোকাখাতত অসম গণ পৰিষদ দলৰ জাতীয় ঐক্য সমাৰোহ

ফটো : নৰ্থ-ইষ্ট নাও

আমি মেলি দিছো আমাৰ দলৰ অশ্বমেধ ঘোঁৰা। এই ঘোঁৰা কোনেও প্ৰতিহত কৰিব নোৱাৰে ৷ জয় আজি নিশ্চিত – আজি বোকাখাতত অসম গন পৰিষদে আয়োজন কৰা জাতীয় ঐক্য সামাৰোহত ৰাইজৰ উদ্দেশ্যে এই দৰে মন্তব্য কৰি কাৰ্যত: নিৰ্বাচনী প্ৰচাৰেই আৰম্ভ কৰে অগপ দলৰ সভাপতি অতুল বৰাই ৷

আজি বোকাখাতৰ ৰাজহুৱা খেল পথাৰত অগপৰ বোকাখাত বিধান পৰিষদৰ উদ্যোগত আয়োজিত হয় জাতীয় ঐক্য সমাৰোহ ৷

পতাকা উত্তোলনৰ পিছতে আয়োজিত এই ঐক্য সমাৰোহত অংশ গ্ৰহণ কৰিবলৈ অহা সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তক প্ৰায় চাৰি হেজাৰ মটৰ চাইকেলেৰে কমাৰগাঁৱৰ পৰা বোকাখাতলৈ আদৰি আনে।

মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তয়ো মটৰ চাইকেল চলাই এই মটৰ চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে।

মটৰ চাইকেল ৰেলীক বোকাখাতত বিভিন্ন সাংস্কৃতিক দলে গীতে মাতে সমাৰোহ থলীলৈ আদৰি নিয়ে।

দলৰ বোকাখাত বিধান পৰিষদৰ সভাপতি জগত কলিতাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা ঐক্য সমাৰোহৰ কাৰ্যসূচীত জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু দলৰ মুখপাত্ৰ কল্পনা পাটোৱাৰীয়ে সমবেত সমৰ্থকক উদ্দেশ্যে ভাষণ প্ৰদান কৰে। 

নিজৰ ভাষণত মন্ত্ৰী কেশৱ মহন্তই কয় যে ন-সাজ আৰু নতুন উদ্যমেৰে অসম গণ পৰিষদ দল পুনৰ মূৰ দাঙি উঠিছে ৷ ডিজিটেল পেজৰ জড়িয়তে অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদে দলটোক ৰাইজৰ কাষ চপাই নিছে।

‘অগপ ধৰ্ম নিৰপেক্ষ দল। শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম নিৰপেক্ষ, সমাজবাদৰ জড়িয়তে অগপ দল আগবাঢ়ি গৈছে। ভাৰতীয় জনতা পাৰ্টীৰ লগত আগন্তুক দিনত অগপ দল শক্তিশালী মিত্ৰ হিচাপে থাকিব। নতুন আঞ্চলিক দলেবোৰে অসমৰ ৰাজনীতিৰ পথাৰত পানীহে ঘোলা কৰিব, কিন্তু মাছ ধৰিব নোৱাৰে’, এই মন্তব্য কেশৱ মহন্তৰ।

তেওঁ লগতে কয়, ‘কংগ্ৰেছ আৰু বদৰুদ্দিনৰ দলৰ মাজত অবৈধ প্ৰেম হৈছে। এই অবৈধ প্ৰেমৰ জড়িয়তে যদি সন্তান জন্ম হয়, সেই সন্তানে গুৰু গোঁসাই নমনা হ’ব’।

সমাৰোহক উদেশ্যি দিয়া ভাষণত মন্ত্ৰী অতুল বৰাই কয় যে বোকাখাত সমষ্টিত অগপ দলৰ ভেটি মজবু হৈছে। যোৱা সময়চোৱাত আমি সমষ্টিটোৰ মৌলিক সমস্যা সমূহ চিনাক্ত কৰি সমাধানৰ চেষ্টা কৰিছো। ইয়াত এজন ৰজা আছিল। ৰজাৰ স্বেচ্চাছাৰিতাৰ ত্ৰাসৰ সৃষ্টি হৈছিল বোকাখাতত। আজি আৰু সেই পৰিবেশ নাই ৷

কংগ্ৰেছক সমালোচনা কৰি অতুল বৰাই কয় যে কংগ্ৰেছ দল এতিয়া শয্যাশায়ী। আজমলৰ জৰাফুকা পানী খাইহে কংগ্ৰেছ দল বাচি আছে যদিও এইয়া সম্ভৱ নহয়। আজমলৰ জৰা ফুকাত কংগ্ৰেছ বাচিব নোৱাৰে।

আগন্তুক বিধান সভাৰ উল্লেখেৰে তেওঁ অসমত পৰৱৰ্তী চৰকাৰ কোনেনাব সেইয়া অগপৰ হাতীয়েহে দেখুৱাব বুলি টিপ্পনী কৰে।

তেওঁৰ মতে পূৰ্বেও অগপ দলে মিত্ৰতা কৰিছে। মিত্ৰতা সময়ৰ আহ্বান। মিত্ৰতা মানে আত্মসমৰ্পণ নহয়, মিত্ৰতা মানে দমনো নহয় বুলি মন্তব্য কৰি তেওঁ ৰাজ্যৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত আমি লগতহে আছো বুলি মন্তব্য কৰে। 

অনুষ্ঠানত শিল্পী কল্পনা পাটোৱাৰীয়ে ভাষণ প্ৰদান কৰাৰ লগতে গীতে মাতে ঐক্য সমাৰোহ জীপাল কৰি তোলে। বিহু, ঐনিতম আৰু ঝুমুৰ গীতেৰে পৰিবেশ উত্তাল কৰাৰ উপৰিও অতুল বৰায়ো বিহু গীত পৰিবেশন কৰি মঞ্চতে এপাক বিহুও নাচে।

অসম গণ পৰিষদ দলৰ আজিৰ জাতীয় ঐক্য সমাৰোহ মুলত: বিধায়ক তথা দলৰ সভাপতি অতুল বৰাৰ সমষ্টিত ৰাজনৈতিক ক্ষেত্ৰত নিৰ্বাচনৰ প্ৰাকক্ষণত এক শক্তি প্ৰদৰ্শনহে আছিল বুলি জানিব পৰা গৈছে।

প্ৰায় সহস্ৰাধিক লোকৰ উপস্থিতিত আয়োজিত এই সমাৰোহত অতুল বৰাৰ উপৰি, দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত , যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, খাদী বৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাৰ উপৰি অধিক সংখ্যক বিধায়ক আৰু নেতা-কৰ্মী উপস্থিত থাকে।