• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য কপোঁৱা যোৰহাটৰ ঘটনাত অসম নাগৰিক সমাজৰ প্ৰতিক্ৰিয়া: ‘ভয়াবহ আৰু উদ্বেগজনক পুলিচ প্ৰশাসনৰ ভূমিকা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2021 12:35 pm
pp8-640x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা তুচ্ছ ঘটনাক কেন্দ্ৰ কৰি যোৰহাট চহৰৰ মাজ মজিয়াত,সদৰ থানাৰ পৰা মাত্ৰ কেইগজমান দূৰত, যোৱা ৩০ নবেম্বৰৰ দিনা এজন ডেকা ল’ৰাক এদল মানুহে মৰিয়াই মৰিয়াই মাৰি পেলালে৷ পুলিচে একো কৰিব নোৱাৰিলে৷ যোৰহাট চহৰৰ মানুহো নিৰ্বিকাৰ হৈ থাকিল৷ ই পুলিচ প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতা৷

যোৰহাটত সংঘটিত ঘটনা সন্দৰ্ভত এই প্ৰতিক্ৰিয়া অসম নাগৰিক সমাজৰ।

অসম নাগৰিক সমাজৰ হৈ সভাপতি হৰেকৃষ্ণ ডেকা, কাৰ্য্যকৰী সভাপতি অজিত কুমাৰ ভূঞা, উপসভাপতি প্ৰশান্ত ৰাজগুৰু আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে এক বিবৃতিৰ জৰিয়তে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বিবৃতিটোত কোৱা হৈছে, ‘’কিয়নো জনসাধাৰণক সুৰক্ষা আৰু নিৰাপত্তা দিয়াটো তেওঁলোকৰ প্ৰধান  কৰ্তব্য৷ পুলিচৰ এই ব্যৰ্থতাক আমি নিন্দা কৰোঁ আৰু গৰিহণা দিওঁ৷ কিন্তু, নাগৰিক হিচাপে আমিও এই ক্ষেত্ৰত আমাৰ ব্যৰ্থতা স্বীকাৰ কৰা উচিত৷’’

Also Read: Indian Citizenship: বিগত ৫ বছৰত প্ৰায় ৬লাখ লোকে এৰিছে ভাৰতৰ নাগৰিকত্ব; লোকসভাত কেন্দ্ৰীয় মন্ত্ৰীৰ তথ্য

নাগৰিক সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘’যোৰহাটৰ দৰে চহৰ এখনত দিন দুপৰতে এনে এটা ঘটনা ঘটিল, অথচ ঘটনাস্থলীৰ ওচৰেপাঁজৰে থকা ৰাইজ নিৰ্বিকাৰ হৈ থাকিল! এইটো আমাৰ সামাজিক জীৱনৰ এক অৱক্ষয় আৰু নাগৰিক হিচাপে আমাৰ গুৰুতৰ ব্যৰ্থতা৷ ই বৰ পৰিতাপৰ কথা৷ তাতোকৈ ভয়াবহ আৰু উদ্বেগজনক হৈছে পুলিচ প্ৰশাসনৰ ভূমিকা৷’’

আৰক্ষীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন তুলি নাগৰিক সমাজে বিবৃতিটোত কয়, ’’ঘটনাটোৰ লগত জড়িত মূল অভিযুক্ত ব্যক্তিজনক পুলিচে গ্ৰেপ্তাৰ কৰিলে আৰু পুলিচৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে গাড়ীৰ খুন্দাত তেওঁৰ মৃত্যু হোৱা বুলি কোৱা হ’ল৷ যি পৰিস্থিতিত অভিযুক্ত ব্যক্তি গৰাকীৰ মৃত্যু হৈছে, তাৰ পৰা অনুমান হয় ঘটনাটো যেন পূৰ্ব পৰিকল্পিত আছিল৷ আমি এনেদৰে  বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ কিয়নো যোৱা সময়ছোৱাত এনেকৈ অপৰাধীক হত্যা কৰাটো অসম আৰক্ষীৰ বাবে যেন এটা নিয়মত পৰিণত হৈছে৷ ৰাইজৰ এটা অংশইও নিৰ্বোধৰ দৰে ইয়াত উজান দিছে, উল্লসিতহৈ সমৰ্থন জনাইছে৷’’

Also Read:Lionel Messi: মেছিৰ পত্নীক অপমান! বিৰক্ত তাৰকা ফুটবলাৰগৰাকীৰ প্ৰতিক্ৰিয়া কেনে আছিল?

‘’সমাজত শান্তি- শৃংখলা বৰ্তাই ৰখা আৰু সাধাৰণ মানুহক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা আৰক্ষীয়ে এনেকৈ বিনা বিচাৰে অভিযুক্তক মৃত্যুদণ্ড দিয়াটো এটা অতি ভয়াবহ প্ৰৱণতা৷ অসম আৰক্ষীক কোনে এই ক্ষমতা দিলে? ই সভ্য সমাজ আৰু আইনৰ শাসনৰ সম্পূৰ্ণ পৰিপন্থী,’’-নাগৰিক সমাজৰ বিবৃতিটোত লগতে কোৱা হয়।  

আনহাতে, অসম নাগৰিক সমাজে এই ঘটনাৰ এক ন্যায়িক তদন্ত দাবী কৰি কয়,‘’যোৰহাটৰ সদৰ থানাৰ প্ৰায় সন্মুখতে কেনেকৈ এদল মানুহে এজন ডেকা ল’ৰাক মৰিয়াই হত্যা কৰিব পাৰিলে আৰু কৰায়ত্ত কৰা মূল অভিযুক্তজনৰ পুলিচৰ জিম্মাত কেনেদৰে মৃত্যু হ’ল তাৰ শীঘ্ৰে এক ন্যায়িক তদন্তৰ নিৰ্দেশ দিবলৈ আমি অসম নাগৰিক সমাজৰ ফালৰ পৰা চৰকাৰৰ ওচৰত দাবী জনাওঁ৷’’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd