কন্ঠশিল্পী বিপিন চাউদাঙৰ ‘কা’ক লৈ ওলোটা স্থিতি কিয়? উভতি ধৰিলে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে

শিল্পীগৰাকীক প্ৰদান কৰা অসমপ্ৰেমী বঁটা ওভোতাই অনাৰ হুংকাৰ

a b cha

 অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ টীয়কস্থিত মুখ্য কাৰ্যালয়ত আজি এক সংবাদ মেল আয়োজন কৰে।

সংগঠনটোৰ উপদেষ্টা মনোজ গগৈয়ে এই সংবাদ মেল সম্বোধন কৰি অসমৰ জনপ্ৰিয় কন্ঠশিল্পী বিপিন চাউদাঙে ‘কা’ক লৈ বৰ্তমান যি স্থিতি প্ৰদৰ্শন কৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দি অসমীয়া জনতাক এনেদৰে বিচলিত নকৰিবলৈ সকিয়াই দিয়ে।

লগতে যোৱা ২০১৬ চনত সংগঠনটোৱে শিল্পীগৰাকীক সংগঠনটোৰ সৰ্বোচ্চ সন্মান অসমপ্ৰেমী বঁটাৰে তেওঁৰ জাতীয়তাবোধৰ প্ৰতি সন্মান জনাই সন্মানিত কৰিছিল যদিও বৰ্তমান তেওঁৰ জাতিদ্ৰোহী স্থিতিয়ে অনাগত দিনত সেই সন্মান পুনৰ ঘুৰাই ল’বলৈও কুন্ঠাবোধ নকৰে বুলি হুংকাৰ প্ৰদান কৰে।

লগতে ধুবুৰীৰ বিজেপি বিধায়ক অশোক কুমাৰ সিংহীয়ে তেওঁৰ বিৰুদ্ধে যোৱা ১৭ ফেব্ৰুৱাৰীত সংগঠনটোৱে ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰাক লৈ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰহিবুল শ্বেখৰ বিৰুদ্ধে যি গোচৰ ৰুজু কৰিছে তাত বিজেপিৰ ফেচিবাদ আৰু দমনমূলক নীতি প্ৰকাশ পাইছে বুলি অভিহিত কৰি এনে দমন নীতিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

অন্যথা সংগঠনটোৱে নামনি অসমত তেখেতক ৰাজহুৱা ভাৱে বৰ্জন কৰা হ’ব বুলি হুংকাৰ দিয়ে ।

সংবাদমেলতে অহা ২১ৰ নিৰ্বাচনত আঞ্চলিকতাবাদক সমৰ্থন কৰি জননেতা অখিল গগৈক বিপুল ভোটত জয়ী কৰাই দিচপুৰলৈ পঠিয়াবলৈ অসমৰ ৰাইজক আহ্বান জনায় অসম প্ৰেমী যুৱ ছাত্ৰ সমাজে l