NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ

January 4, 2020 8:09 am · এন ই নাও নিউজ
অসম সাহিত্য সভাৰ প্ৰতীক

‘’ মই নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰো,’’-এইদৰে কয় অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক যাদব শৰ্মাই।

তেওঁ লগতে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱালৈ তেওঁৰ তেজপুৰৰ কলিবাৰীৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি জনায়।

‘’আমি আমাৰ ভাষা আৰু সংস্কৃতিৰ বাবে যুঁজ দি থকা এইটো গোটেই অসমীয়া সমাজখনৰ বাবে এক কঠিন সময়,’’-তেওঁ কয়।

কলাগুৰু বিষ্ণুৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু নটসূৰ্য ফনী শৰ্মাৰ বাসগৃহ পৰিদৰ্শন কৰি তেওঁ কয়,’’ জাতিটোৰ বাবে কাম কৰাৰ সময় আহিছে।‘’

‘’সমগ্ৰ ৰাজ্যই কা’ৰ বিৰোধিতা কৰিছে কিয়নো এয়া আমাৰ ভাষাটোৰ বাবে এক ভাবুকি,’’-তেওঁ লগতে কয়।

অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াইয়ো এই প্ৰসংগত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ৰাজ্যখনৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে যাদব শৰ্মা আৰু লেখিকা মৃণালিনী দেৱী উপ সভাপতি হিচাপে নিৰ্বাচিত হয়।

Related News