নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্রামৰ পোষকতা অসম সাহিত্য সভাৰ

46096493_987947338072134_6633616532435894272_n

অসম সাহিত্য সভাৰ পূৰ্ণাংগ কার্যনির্বাহকৰ তৃতীয় অধিৱেশনত সভাৰ বিষয়ববীয়া।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিল নোহোৱা পর্যন্ত অসম সাহিত্য সভাই সকলো জাতীয় সংগঠনৰ সৈতে ঐক্যবদ্ধভাৱে সংগ্রাম কৰি যোৱাৰ পোষকতা কৰিছে। দেওবাৰে সামৰণি পৰা অসম সাহিত্য সভাৰ পূৰ্ণাংগ কার্যনির্বাহকৰ তৃতীয় অধিৱেশনত এই কথা স্পষ্ট কৰি দিয়া হৈছে।

লখিমপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত গুৰুত্বপূর্ণ কার্যনির্বাহক অধিৱেশনখনত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।

অসম সাহিত্য সভাৰ প্রধান সম্পাদক পদুম ৰাজখোৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বহু বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিল নোহোৱা পর্যন্ত অসম সাহিত্য সভাই সকলো জাতীয় সংগঠনৰ সৈতে ঐক্যবদ্ধভাৱে সংগ্রাম কৰি যোৱাৰ পোষকতা কৰাৰ লগতে যোৱা ৭ আগষ্টত অসম চৰকাৰৰ আয়ুক্ত সচিব প্রীতম শইকীয়াৰ অধ্যক্ষতাত জনগোষ্ঠীয় জাতীয় সংগঠনসমূহৰ সৈতে সম্পূর্ণ সহমতত অনুষ্ঠিত সভাত গ্ৰহণ কৰা ভাষানীতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক দাবী জনাই প্রস্তাৱ গ্ৰহণ কৰা হয়।

আনহাতে, সভাই ছিংগাপুৰৰ বিশিষ্ট চলচ্চিত্র পৰিচালক-প্ৰযোজক এৰিক খোলৈ ড০ ভূপেন হাজৰিকা বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি, আগন্তুক ৰহা অধিৱেশনত ক্ৰীড়া মহীৰূহ পুলিন দাস স্মাৰক বঁটা আৰু গৌৰীশংকৰ ভট্টাচার্য স্মাৰক বঁটা কৰাৰো সিদ্ধান্ত লোৱা হয়।

আনহাতে, ৰহা অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত পূর্বৰ পৰম্পৰাৰ পৰিৱর্তে জনগোষ্ঠীয় জনজাতীয় সাহিত্য সভাৰ সভাপতিসকলৰ সৈতেহে অসম সাহিত্য সভাৰ সভাপতিয়ে অংশগ্রহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।

সভাই গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত বৰাক উপত্যকাত থকা ২১খন অসমীয়া মাধ্যমৰ বিদ্যালয় আন বাংলা মাধ্যমৰ বিদ্যালয়ৰ সৈতে একত্রীকৰণ নকৰিবলৈ দাবী জনায়। ইতিমধ্যে যিকেইখন বিদ্যালয়ৰ একত্রীকৰণৰ নির্দেশ দিয়া হৈছে সেই নির্দেশ তৎকালে বাতিল কৰিবলৈকো কার্যনির্বাহক সভাই দাবী জনায়।

তদুপৰি, ২০২১ চনৰ লোকপিয়লত অসমীয়া ভাষীৰ সংখ্যা যাতে পূর্বতকৈ হ্রাস নাপায় তাৰ বাবে গুৰুত্ব সহকাৰে ভাষা ৰক্ষাৰ হকে ৰাজ্য চৰকাৰক কাম কৰিবলৈ আহ্বান জনায়। অ’ চি আৰ প্ৰস্তুত কৰিবলৈ তেজপুৰ বিশ্ববিদ্যালয়ক দিয়া দায়িত্ব পালনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সহযোগিতা আগ নবঢ়োৱাত উদ্বেগ প্রকাশ কৰাৰ লগতে ইউনিক’ডত অসমীয়া লিপিক স্থান দিবৰ বাবে চৰকাৰে ব্যৱস্থা গ্রহণ নকৰাত সভাই ক্ষোভ প্রকাশ কৰে।

আনহাতে, সভাই ধলা শদিয়া ঘটনাক অমানৱীয় আৰু ৰাজ্যখনৰ শান্তি-সম্প্রীতি বিঘ্নিত কৰাৰ গভীৰ ষড়যন্ত্র আখ্যা দি শান্তি-সম্প্ৰীতি বিঘ্নিত কৰা অশুভ শক্তিক কঠোৰ ভাষাৰে নিন্দা কৰে।