“কেব”ৰ বিৰুদ্ধে ওলাই আহিল অসম সাহিত্য সভাও; লেখক, সাহিত্যিক আৰু শিল্পীসকলক প্ৰতিবাদত ভাগ ল’বলৈ আহ্বান

asomsahityasabha-570x320

“কেব”, অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্য্যসূচী ল’ব অসম সাহিত্য সভাই।

বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী লোৱাৰ কথা ঘোষণা কৰি সভাপতি পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই এখন বিজ্ঞপ্তি প্ৰকাশ কৰিছে।

বিজ্ঞপ্তিখনত কোৱা হৈছে যে অহা ৬ ডিচেম্বৰত সভাৰ সকলো জিলা আৰু আঞ্চলিক কাৰ্য্যালয়ত সভাই পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ ২ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।

অৱস্থান ধৰ্মঘটৰ পাছতেই প্ৰতিখন জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ “কেব” মানি লোৱা নহ’ব বুলি একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিব সভাই।

“যোৱা ৩০ নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক লগ ধৰি অসম সাহিত্য সভাই অসমৰ জাতীয় জীৱন বিনষ্টকাৰী নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় বুলি স্পষ্টভাৱে কৈছিল”, বিজ্ঞপ্তিটোত কোৱা হয়।

সমগ্ৰ অসমত এই বিধেয়কৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছে ইয়াৰ প্ৰতি সন্মান জনাই ইয়াক বাতিল কৰিবলৈও বিজ্ঞপ্তিত আহ্বান জনোৱা হৈছে।

সভাই ৬ ডিচেম্বৰত লোৱা প্ৰতিবাদী কাৰ্যসূচীত সভাৰ বিষয়ববীয়াসকলৰ লগতে লেখক, সাহিত্যিক আৰু শিল্পীসকলক উপস্থিত থাকিবৰ বাবে আহ্বান জনাইছে।

ইয়াৰোপৰি ৮ ডিচেম্বৰত মৰিগাওঁ জিলাৰ মায়ঙৰ চনকাত কবিসকলৰ জৰিয়তেও এটা প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণৰ সিদ্ধান্ত কৰিছে সভাই। গতিকে অনুষ্ঠানটোত কবিসকলক উপস্থিত থাকিবলৈও বিবৃতিটোৰ জৰিয়তে আহ্বান জনাইছে।