দীপালী বৰঠাকুৰৰ প্ৰতি শ্ৰদ্ধা জনাই অসম সাহিত্য সভাই কাইলৈ পতাকা অৰ্ধনমিত ৰাখিব

Untitled-1 copy (21)

আজি প্ৰয়াণ ঘটা কোকিলকণ্ঠী গায়িকা শিল্পী দীপালী বৰঠাকুৰৰ প্ৰতি শ্ৰদ্ধা জনাই অসম সাহিত্য সভাই কাইলৈ, অৰ্থাৎ ২২ ডিচেম্বৰ ২০১৮ত সভাৰ পতাকা অৰ্ধনমিত কৰি ৰাখিব। এই কথা জানিবলৈ দিছে অসম সাহিত্য সভাৰ মুখপাত্ৰ পংকজ কুমাৰ দত্তই জনাইছে।

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়, আঞ্চলিক কাৰ্যালয়, জিলা সাহিত্য সভাৰ কাৰ্যালয়কে ধৰি সভাৰ সকলো কাৰ্যালয়ক এই সংক্ৰান্তত যাৱতীয় নিৰ্দেশ দিছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।

বিভিন্নজন শিল্পী, সাহিত্যকিৰ শোক প্ৰকাশ

আনহাতে কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ মৃত্যুত ম্ৰিয়মাণ হৈ পৰিছে ৰাজ্যৰ শিল্পী, সাহিত্যিককে ধৰি সৰ্বস্তৰৰ লোক। তেওঁৰ দেহাৱসানৰ বাতৰি পাই আজি অগণন গুণমুগ্ধই নেমকেয়াৰ হস্পিটেলত ভিৰ কৰে।

দীপালী বৰঠাকুৰলৈ শেষ শ্ৰদ্ধাঞ্জলি জনায় বিশিষ্ট শিল্পী, গীতিকাৰ সূৰ্য দাসে কয়, “দীপালী বৰঠাকুৰক মই কাৰোৰে সৈতে তুলনা নকৰো। তেওঁ অসমৰ কোকিলকণ্ঠী, তেওঁ মোৰ অসমৰ মইনা। অসমৰ প্ৰকৃতিৰ লগত, মাটি-পানীৰ লগত তেওঁৰ সুৰৰ সম্পৰ্ক আছিল। আজিৰ প্ৰজন্মই দীপালী বৰঠাকুৰৰ কণ্ঠৰ যোগ্যতা অৰ্জন কৰিব পাৰিব নে নাই মোৰ সন্দেহ আছে। কিয়নো এতিয়া আধুনিকতা এনেকৈ শিপাব বিচাৰিছে যে সংস্কৃতিৰ ঢোলটো ওলটা ফালে বজাব বিচাৰিছে।”

তেওঁ বৰঠাকুৰৰ সৈতে ৬০ৰ দশকত একেলগে বিভিন্ন স্থানত সংগীত পৰিৱেশন কৰা দিনবোৰৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে।

চিকিৎসালয়খনত উপস্থিত হৈ জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে কয়, “দীপালী বৰঠাকুৰৰ সংগীত সাধনা, তেওঁৰ সুৰ, সুললিত কণ্ঠ আৰু আধুনিক গীতক প্ৰাণৱন্ত কৰি তোলাৰ ক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদান অসমীয়া সংগীত জগতৰ বাবে অনুকৰণীয় হৈ থাকিব আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ থাকিব।”

প্ৰয়াত শিল্পীগৰাকীয়ে অসুস্থতা সত্ত্বেও এক বৰ্ণাঢ্য জীৱন কটাইছিল বুলি মন্তব্য কৰি হাইদৰ হুছেইনে শিল্পীগৰাকীৰ স্বামী তথা বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সৈতে ইজনে সিজনৰ প্ৰতি থকা অপৰিসীম স্নেহেৰে এক আদৰ্শ প্ৰতিষ্ঠা কৰিছিল বুলি মন্তব্য কৰে।

শিল্পী তৰালী শৰ্মাই কয়, “দীপালী বৰঠাকুৰ আমাৰ বাবে উৎসাহ আৰু প্ৰেৰণা। ভাল কাম কৰিবলৈ কিছুমান মানুহৰ প্ৰেৰণাৰ প্ৰয়োজন হয়, সেই সকলৰ ভিতৰত দীপালী বৰঠাকুৰো আছে। তেওঁ শাৰীৰিকভাৱে অসুস্থ হৈ বহুদিন কটাব লগীয়া হৈছিল যদিও তেওঁ কায়িকভাৱে আছিল আৰু সেয়াই আছিল প্ৰেৰণা।”

আজিৰ দিনটো অসমবাসীৰ বাবে বহুত দুখৰ দিন বুলি কয় অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে। তেওঁ লগতে দীপালী বৰঠাকুৰে তেওঁৰ গীতৰ মাজেৰে অসমৰ ৰাইজৰ মাজত সদায় জীয়াই থাকিব বুলি মন্তব্য কৰে।

দীপালী বৰঠাকুৰৰ মৃত্যুত এটা যুগৰ অৱসান ঘটিল বুলি মন্তব্য কৰে বিশিষ্ট অভিনেতা যতীন বৰাই। “অসমত দ্বিতীয় এগৰাকী দীপালী বৰঠাকুৰৰ জন্ম হ’ব বুলি মই নাভাবো” যতীন বৰাই কয়।