মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত ঘোষণা কৰিছে ২০২১ চনৰ ‘অসম সৌৰভ’ আৰু ’অসম গৌৰৱ’ বঁটা।
সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, শিল্প কলাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ মুঠ ৫ গৰাকী ব্যক্তিক এইবাৰ ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
‘অসম সৌৰভ’ বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তি কেইগৰাকী হ’ল ক্ৰমে—কমলেন্দু দেৱ ক্ৰোৰী( কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ).ডা° লক্ষ্মনন এছ ( ভাৰতীয় প্ৰশাসনিক সেৱাৰ দক্ষ বিষয়া), ডঃ দীপক চান্দ জৈন( আমেৰিকাৰ নৰ্থ ৱেষ্টাৰ্ণ বিশ্ব বিদ্যালয়ৰ ডীন).লাভলীনা বৰগোঁহাই ( অলিম্পিকত মেডেল বিজয়ী বিশ্ব বিখ্যাত বক্সাৰ),নীলপৱন বৰুৱা ( প্ৰখ্যাত চিত্ৰকৰ)।
আনহাতে ’অসম গৌৰৱ’ বঁটাৰ বাবে নিৰ্বাচিত বিশ্ষ্ট ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে—মুনীন্দ্ৰ নাথ নাতে ( অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক, কোভিড ভেকচিন প্ৰদান অভিযানত আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে তেওঁক দিয়া হৈছে এই বঁটা),ডাঃ বসন্ত হাজৰিকা ( গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক, কোভিড পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে দিয়া হৈছে এই বঁটা), আকাশজ্যোতি গগৈ ( যোৰহাটৰ আগশাৰীৰ হাঁহ-কুকুৰা পালক),মনোজ কুমাৰ বসুমতাৰী (শোণিতপৰ ঢেকিদলৰ আগশাৰীৰ গাহৰি পালক),খৰছিং টেৰণ ( বিশিষ্ট পৰ্বতাৰোহী), ববী হাজৰিকা ( মাৰ্ঘেৰিটা চাহবাগিচাৰ বিশিষ্ট মহিলা উদ্যোগী),হেমপ্ৰভা চুতীয়া (ডিব্ৰুগড়ৰ ফটিকাচোৱা অভয়পুৰীয়া গাঁৱৰ উদ্যমী বোৱনী), নমিতা কলিতা ( মানৱ সেৱাত নিযোজিত গুৱাহাটীৰ এএনএম নাৰ্চ),বনীতা মমিন ( চাৰিদুৱাৰ ফুলগুৰিৰ আশাকৰ্মী),ধৰণীধৰ বড়ো ( প্ৰকৃতি সংৰক্ষণত নিয়োজিত মিৰ্জা গোঁসাইহাটৰ অৱসৰপ্ৰাপ্ত বন বিষয়া),কৌশিক বৰুৱা ( গুৱাহাটীৰ আগশাৰীৰ কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ সৈতে জৰিত উদ্যোগী),কল্পনা বড়ো (ৰৌতাৰ অংগনবাড়ী কৰ্মী),ডা° আছিফ ইকবাল ( গুৱাহাটীৰ বিশিষ্ট চিকিৎসক)।
ইয়াৰ পূৰ্বে অসম চৰকাৰে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাক অসম বৈভৱ বঁটাৰ বাবে নিৰ্বাচিত কৰা বুলি ঘোষণা কৰিছিল।
উল্লেখ্য অসম বৈভৱ বঁটাত আছে নগদ পাঁচ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ তথা স্মাৰক,অসম সৌৰভ বঁটাত আছে নগদ চাৰি লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ আৰু স্মাৰক, অসম গৌৰৱ বঁটাত আছে নগদ তিনি লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ আৰু স্মাৰক।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে যে প্ৰতি বছৰে চ্যুকাফা দিৱস(২ ডিচেম্বৰ)ৰ দিনা এই বঁটা প্ৰদান কৰা হ’ব । চলিত বছৰৰ বঁটা সমূহ ২০২২ চনৰ ২৪ জানুৱাৰীৰ দিনা প্ৰদান কৰা হ’ব। পৰৱৰ্বঁতী সময়ত বঁটাৰ বাবে ব্যক্তি নিৰ্বাচনৰ কৰিবলৈ ভোটৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ সংবাদমেলত সদৰী কৰে।