হায়দৰাবাদত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ ভাওনা প্ৰদৰ্শনৰ আয়োজন

পূৰ্বৰ দৰেই চলিত বৰ্ষটো হায়দৰাবাদস্থিত অসমীয়া সাংস্কৃতিক গোষ্ঠীয়ে দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন কৰিছে।  শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ লগত সংগতি ৰাখি অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত হায়দৰাবাদস্থিত শ্ৰী শ্ৰী চাই গাৰ্ডেন ফাংচন হলত অহা দহ ছেপ্তেম্বৰ তাৰিখে প্ৰবাসী অসমীয়া সকলৰ সহয়োগত মহাকাব্য মহাভাৰতৰ আধাৰত ৰচিত এখনি ভাওনা নাট প্ৰদৰ্শনৰ কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে ।

হায়দৰাবাদস্থিত প্ৰবাসী অসমীয়া সকলৰ দ্বাৰা প্ৰদৰ্শন কৰিব লগা ভাঁওনা নাট খনৰ পৰিচালনা অসমৰ থলুৱা নাট্যগোষ্ঠী ‘ সুদৰ্শন শিল্পী সমাজ’ ৰ। ভাঁওনা নাটখনৰ নাম নল দময়ন্তীৰ আখ্যান । এই কথা জানিবলৈ দিছে হায়দৰাবাদস্থিত অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ সভাপতি পলাশ বৰুৱা আৰু সম্পাদক. বিপুল চেতিয়াই আৰু বিত্ত সম্পাদক নবীন শইকীয়াই।

তিনিওগৰাকী কৰ্মকৰ্তাই জনোৱা অনুসৰি অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজন কৰা শ্ৰী কৃষ্ণৰ জন্মাষ্টমী অনুষ্ঠান তথা ভাঁওনা নাট প্ৰদৰ্শনৰ কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাৰ লগতে কেইবাগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থকাৰ সম্ভাৱনা আছে ।

অনুষ্ঠানত তেলেংগানাৰ প্ৰভাৱশালী বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী কিষান ৰেড্ডি গংগাপুৰমৰ লগতে ৰাজ্যখনৰ প্ৰভাৱশালী বিজেপি নেতা গাজ্জালো য়ুগানন্দাইও অংশ গ্ৰহণ কৰিব । স্মৰ্তব্য যে হায়দৰাবাদকে ধৰি দাক্ষিণাত্যৰ ৰাজ্যসমূহত অসমীয়া কলা কৃষ্টিৰ বিকাশ আৰু প্ৰচাৰত  অসমীয়া সাংস্কৃতিক গোষ্ঠীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । সেই অনুসাৰে অসমীয়া সাংস্কৃতিক গোষ্ঠীয়ে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱ আৰু ভাঁওনা নাট প্ৰদৰ্শনৰ কাৰ্যসূচীত সকলোৰে সহায় সহয়োগ কামনা কৰিছে ।