মন্ত্ৰী ৰিহন দৈমাৰী, তেওঁৰ আত্মীয় আৰু মুষ্টিমেয় ঠিকাদাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগত চলাইছে ব্যাপক দুৰ্নীতি। এই অভিযোগ অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাৰ। দিচপুৰ প্ৰেছ ক্লাৱত দেওবাৰে এক সংবাদমেল সম্বোধন কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে ডেকাই এই গুৰুতৰ অভিযোগ উত্থাপন কৰে।
ডেকাই কয়, ‘’পাইপ আৰু বিশুদ্ধ খোৱা পানী যোগানৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হৈছে। তিতাবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত প্ৰয়োজনতকৈ অধিক সংখ্যক পাইপ ব্যৱহৃত হৈছিল। এই কেলেংকাৰিয়ে বিধান সভাৰ মজিয়াতো স্থান পাইছিল।‘’
আনহাতে, বিশুদ্ধ খোৱাপানী যোগানৰ ৭০ শতাংশ কাম বিকল হৈ পৰি আছে বুলিও অভিযোগ কৰে ডেকাই। তেওঁ লগতে লেট্ৰিনত লগোৱা চেনিটেৰী পাইপেৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰো অভিযোগ কৰি সংবাদমেলতে এই পাইপসমূহ প্ৰদৰ্শন কৰে।
“এই পাইপেৰে পানী পাৰ হ’লে পানীখিনি বীজাণুৰে ভৰি পৰে আৰু মানৱ দেহৰ বাবে ই বহু ক্ষতিকাৰক। ১০ টকীয়া পাইপ জোৰা দিয়া সঁজুলি কিনিছে ১৫০ টকাত, ৫০ টকীয়াটো ৩৫০ টকাত ক্ৰয় কৰাটো দেখুওৱা হৈছে,”-এই অভিযোগ জিতুল ডেকাৰ।
তেওঁ কয়, “এই বিভাগত মন্ত্ৰী ৰিহন দৈমাৰীৰ আত্মীয়ৰ ফাৰ্ম বি আৰ এন্টাৰপ্ৰাইজ, গ্ল’ৰিয়া এন্টাৰপ্ৰাইজ, এছ বি ইঞ্জিনিয়াৰিং, সুব্ৰত ভৌমিক আৰু সুৰজিত সিনহা নামৰ ঠিকাদাৰে লুন্ঠনৰাজ চলাইছে। এই ফাৰ্মসমূহেই ব্যাপকৰূপত চলাই আছে কেলেংকাৰি আৰু কমিছনৰ অংক।”
অসমীয়া যুৱ মঞ্চই অভিযোগ কৰি কয়, “মন্ত্ৰী ৰিহন দৈমাৰীৰ অতিৰিক্ত মুখ্য সচিব, মুখ্য অভিযন্তা কাক ক’ত বদলি কৰিব তাৰো সিদ্ধান্ত লয় জনৈক সিনহা আৰু ভৌমিকে।”
আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰি যুৱ মঞ্চৰ সচিব প্ৰধানজনে লগতে কয়, “বি এন ৰায় কাৰ্য্যবাহী অভিযন্তা পদৰ দায়িত্বত আছে, তথাপি তেওঁক বিটিএডিৰ সঞ্চালক হিচাপে ৰখা হৈছে। এই পদৰ বাবে যোগ্যতা অতিৰিক্ত মুখ্য অভিযন্তা পদৰ হ’ব লাগে। কিন্তু এই যোগ্যতা নথকাৰ পাছতো লুন্ঠনৰাজ চলাই নিয়াৰ স্বাৰ্থত তেওঁক বিটিএ.ডিৰ সঞ্চালক পতা হৈছে।”