• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী ৰিহন দৈমাৰীৰ নেতৃত্বত জনস্বাস্থ্য কাৰিকৰী বিভাগত ব্যাপক দুৰ্নীতিৰ অভিযোগ যুৱ মঞ্চৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 28, 2019 5:15 pm
ce41125e-b5fc-4ff4-95c7-8dfeea82376e

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্ত্ৰী ৰিহন দৈমাৰী, তেওঁৰ আত্মীয় আৰু মুষ্টিমেয় ঠিকাদাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগত চলাইছে ব্যাপক দুৰ্নীতি। এই অভিযোগ অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাৰ। দিচপুৰ প্ৰেছ ক্লাৱত দেওবাৰে এক সংবাদমেল সম্বোধন কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে ডেকাই এই গুৰুতৰ অভিযোগ উত্থাপন কৰে।

ডেকাই কয়, ‘’পাইপ আৰু বিশুদ্ধ খোৱা পানী যোগানৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হৈছে। তিতাবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত প্ৰয়োজনতকৈ অধিক সংখ্যক পাইপ ব্যৱহৃত হৈছিল। এই কেলেংকাৰিয়ে বিধান সভাৰ মজিয়াতো স্থান পাইছিল।‘’

Apply Now

আনহাতে, বিশুদ্ধ খোৱাপানী যোগানৰ ৭০ শতাংশ কাম বিকল হৈ পৰি আছে বুলিও অভিযোগ কৰে ডেকাই। তেওঁ লগতে লেট্ৰিনত লগোৱা চেনিটেৰী পাইপেৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰো অভিযোগ কৰি সংবাদমেলতে এই পাইপসমূহ প্ৰদৰ্শন কৰে।

c73488a3-3efe-49c3-b0ac-b5abf6bcccc6
দেওবাৰে দিচপুৰ প্ৰেছ ক্লাৱত অসমীয়া যুৱ মঞ্চৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

“এই পাইপেৰে পানী পাৰ হ’লে পানীখিনি বীজাণুৰে ভৰি পৰে আৰু মানৱ দেহৰ বাবে ই বহু ক্ষতিকাৰক। ১০ টকীয়া পাইপ জোৰা দিয়া সঁজুলি কিনিছে ১৫০ টকাত, ৫০ টকীয়াটো ৩৫০ টকাত ক্ৰয় কৰাটো দেখুওৱা হৈছে,”-এই অভিযোগ জিতুল ডেকাৰ।

তেওঁ কয়, “এই বিভাগত মন্ত্ৰী ৰিহন দৈমাৰীৰ আত্মীয়ৰ ফাৰ্ম বি আৰ এন্টাৰপ্ৰাইজ, গ্ল’ৰিয়া এন্টাৰপ্ৰাইজ, এছ বি ইঞ্জিনিয়াৰিং, সুব্ৰত ভৌমিক আৰু সুৰজিত সিনহা নামৰ ঠিকাদাৰে লুন্ঠনৰাজ চলাইছে। এই ফাৰ্মসমূহেই ব্যাপকৰূপত চলাই আছে কেলেংকাৰি আৰু কমিছনৰ অংক।”

অসমীয়া যুৱ মঞ্চই অভিযোগ কৰি কয়, “মন্ত্ৰী ৰিহন দৈমাৰীৰ অতিৰিক্ত মুখ্য সচিব, মুখ্য অভিযন্তা কাক ক’ত বদলি কৰিব তাৰো সিদ্ধান্ত লয় জনৈক সিনহা আৰু ভৌমিকে।”

আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰি যুৱ মঞ্চৰ সচিব প্ৰধানজনে লগতে কয়, “বি এন ৰায়  কাৰ্য্যবাহী অভিযন্তা পদৰ দায়িত্বত আছে, তথাপি তেওঁক বিটিএডিৰ সঞ্চালক হিচাপে ৰখা হৈছে।  এই পদৰ বাবে যোগ্যতা অতিৰিক্ত মুখ্য অভিযন্তা পদৰ হ’ব লাগে। কিন্তু এই যোগ্যতা নথকাৰ পাছতো লুন্ঠনৰাজ চলাই নিয়াৰ স্বাৰ্থত তেওঁক বিটিএ.ডিৰ সঞ্চালক পতা হৈছে।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd