লখিমপুৰত এছ পিকে ধৰি ১০০ আৰক্ষীৰ লোক ক’ভিড পজিটিভ

Assam: 100 cops including superintendent of police Rajveer test COVID19 positive in Lakhimpur

আৰক্ষী অধীক্ষক ৰাজবীৰকে ধৰি লখিমপুৰত আৰক্ষীৰ ১০০গৰাকী লোক যোৱা ২৪ ঘণ্টাত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

জিলা স্বাস্থ্য বিভাগে জনোৱা মতে মঙলবাৰৰ দিনটোত সন্ধিয়া ৭ বজালৈকে জিলাখনত ৭২গৰাকী লোক ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ক’ভিড পজিটিভ চিনাক্ত হোৱা চাৰিগৰাকী আৰক্ষীৰ লোক ঘিলামৰা আৰক্ষী থানাৰ।

ইফালে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঁচগৰাকী শিক্ষকো ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰ পূৰ্বে উত্তৰ লখিমপুৰৰ লীলাবাৰীত থকা ১৩ অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্য্যালয়তো ক’ভিডৰ সামূহিক সংক্ৰমণৰ বাতৰি ওলাইছিল।

অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি সিঙে সদৰী কৰা মতে মঙলবাৰলৈকে ৰাজ্যত অসম আৰক্ষীৰ ৩,৭৬০গৰাকী লোক ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে ৩,৩৭৫গৰাকী আৰক্ষীৰ লোকে ইতিমধ্যে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

ক’ভিডত এতিয়ালৈকে অসম আৰক্ষীৰ ১৬গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।