তামুলপুৰত এতিয়াও ১৩০ টা পৰিয়াল বানৰ কবলত; পোৱা নাই কোনো সাহায্য

প্ৰতিনিধিত্বমূলক ফটো

বাক্সা জিলাৰ তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম চাপাতল গাঁৱৰ ১৩০ টা পৰিয়াল আজিও জলমগ্ন হৈয়ে আছে। ঠায়ে ঠায়ে পানী শুকাইছে যদিও ৰাইজে আজিও অবৰ্ণনীয় পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰি আছে।

গাঁওখনৰ ৰাইজে এতিয়াও আশ্ৰয় শিবৰত থাকিব লগা হৈছে। ইফালে আশ্ৰয় শিবিৰত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সুবিধা কৰি নিদিয়াত বানাক্ৰান্তৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটিছে। শিবিৰত খোৱা পানী, পোহৰ নথকাত এন্ধাৰতে সাপ, বেঙৰ লগত সহ অৱস্থাপন কৰি বিনিদ্ৰ ৰজনী কটাব লগা হৈছে বন্যাৰ্তসকলে।

বাক্সা জিলাৰ উপায়ুক্তগৰাকীয়ে মঙলবাৰে অৰ্থাৎ ১৬ জুলাইত গাঁওখন পৰিদৰ্শন কৰে যদিও বৰ্তমানলৈকে চৰকৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য সামগ্ৰী লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো, অবড়ো সুৰক্ষা সমিতি, এ বি এম ছুই নিজাববীয়াকৈ বানাক্ৰান্ত ৰাইজলৈ সামগ্ৰী যোগান ধৰিছিল যদিও সেয়া পৰ্যাপ্ত নহয় বন্যাৰ্তৰ বাবে। যাৰ ফলত গাওঁখনৰ শিশু, পুৰুষ-মহিলাই এসাজ খাই এসাজ লঘোণেৰে জীৱন নিৰ্বাহ কৰিছে।

উল্লেখযোগ্য যে আজি চাৰিদিন আগতে তামুলপুৰ-মুছলপুৰ পথৰ সুন্দৰপুৰত ৰিং বান্ধ চিঙি সোঁঁত সলাই গাঁৱৰ মাজেৰে যোৱাত গাঁওখন পাগলাদিয়াৰ বুকুত আবদ্ধ হৈ পৰিছে।