‘অসম চুক্তি’ক প্ৰতাৰণাৰ দলিল আখ্যা অসম প্ৰেমী যুৱ ছাত্ৰ-সমাজ, অসমৰ

IMG-20180819-WA0017

অসম চুক্তিক এক প্ৰতাৰণাৰ দলিল আখ্যা দিলে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ, অসম নামৰ সংগঠনটোৱে। সংগঠনটোৱে আছু আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ এন আৰ চি উন্নীতকৰণ কৰা কাৰ্য্যই অসমত অসমীয়াকে সংখ্যালঘুত পৰিণত কৰাৰ এক গভীৰ ষড়যন্ত্ৰ ৰচা হৈছে।

শিৱসাগৰৰ প্ৰেছ ক্লাবত আজি অনুষ্ঠিত এক সংবাদ মেলত সংগঠনটোৰ উপদেষ্টা কল্যান খনিকৰ আৰু সচিব মনোজ গগৈয়ে এইগৰে কয়। তেওঁলোকে আৰু কয় যে,  অসম চুক্তি অসমৰ সামগ্ৰিক সমস্যা সমাধানৰ বাবে নহয়। ১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ এন আৰ চি উন্নীতকৰণ কৰিব লাগিছিল বুলিও তেওঁলোকে দাবী কৰে।

অনুপ্ৰৱেশকাৰীয়ে অসমৰ সামাজিক সাংস্কৃতিক জীৱনক বিনিষ্ট কৰাৰ লগতে অসমৰ জাতীয় জীৱনলৈ সংকত সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সংবিধানে নিৰ্ধাৰণ কৰি দিয়া ১৯৫১ চনক অসমৰ ক্ষেত্ৰটো ভিত্তি বৰ্ষ হিচাপে লৈ এন আৰ চি উন্নীতকৰণ কৰাৰ দাবী তোলাৰ লগতে মহামান্য উচ্চতম ন্যায়ালয়ত চলি থকা অসম সন্মিলীত মহাসংঘৰ ৫৬২/২০১২ নং ভিত্তি বৰ্ষ সম্পৰ্কীয় গোচৰলৈ মুকলি সমৰ্থন আগবঢ়ায় অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ,  অসমে।

আনহাতে সংগঠনটোৱে ১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে আন্দোলন কৰা সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তি কৰোতে ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে মানি লোৱা কাৰ্য্যক তীব্ৰ সমালোচনা কৰাৰ লগতে আছুৱে এই কাৰ্য্য কৰি ৮৫৫ জন চহিদক অপমান কৰিলে বুলি ব্যক্ত কৰে সংবাদ মেলত। তাৰোপৰি ১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ  প্ৰকাশিত এন আৰ চি খচৰাক ভোট বেংক অক্ষন্নু ৰখাৰ স্বাৰ্থতে বৰ্তমানৰ চৰকাৰে সমৰ্থন কৰা বুলি মন্তব্য কৰে