৫০ হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰি ৰঙাঘৰৰ আলহী হ’ল বজালীৰ সহকাৰী আয়ুক্ত গৌৰৱ শেখৰ দাসে। এ চি এছ গৌৰৱ শেখৰ দাসৰ বিবাহৰ মাত্ৰ ১৭ দিনৰ পিছতে উৎকোচ গ্ৰহণ কৰি গ্ৰেপ্তাৰ হয়। ৰাজ্যৰ প্ৰশাসনিক সেৱাত সংঘটিত এনে অপৰাধমূলক ঘটনাই তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে।
ঘটনাক্ৰম অনুসৰি বজালীত যান-বাহন নিয়ম উলংঘা কৰাৰ অভিযোগত জব্দ কৰা এখন জেচিবি বাহন মুকলি কৰিবলৈ ৫০ হাজাৰ টকা দাবী কৰিছিল বিষয়াগৰাকীয়ে।
স্থানীয় ব্যৱসায়ী দিপাংকৰ চৌধৰীয়ে বিষয়াগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰু ব্যৱসায়ীজনে এই সন্দৰ্ভত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়তো খবৰ দিয়ে। আৰু এই সঞ্চালকালয়ে বিষয়াই প্ৰমানসহ ধৰিবলৈ ফান্দ পাতে।
অপাৰেচনৰ দিনা উৎকোচ লৈ থকা অৱস্থাতে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে দাসক গ্ৰেপ্তাৰ কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।