কাইলৈ ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

বুধবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে বৃহস্পতিবাৰে (৯ মে’) উচ্চতৰ মাধ্যমিক (এইচ এছ) পৰীক্ষাৰ ফলাফল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে কৰিব৷

উল্লেখ্য যে ৰাজ্যজুৰি মুঠ ২,৮০,২১৬ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।ইয়াৰে ১,৩৯,৪৮৬জন পুৰুষ আৰু ১,৪২,৭৩২গৰাকী মহিলা পৰীক্ষাৰ্থী।ইয়াৰে ২,০৬,৪৬৭ জন ছাত্ৰ-ছাত্ৰী কলা শাখাৰ, ৫৪,২৮৭ জন বিজ্ঞান শাখাৰ, আৰু ১৭,৫৮২ জন বাণিজ্য শাখাৰ৷স্মৰ্তব্য যে,যোৱা মাহত এইচ এছ এল চি পৰীক্ষাৰ ফলাফল ছেবাই ঘোষণা কৰিছিল।

অৱশ্যে এইখিনিতে উল্লেখ কৰিব লাগিব যে এইচ এছ এল চি পৰীক্ষাৰ ফলাফল ঘোষণা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পৰস্পৰ বিৰোধী পোষ্টেৰে বিভ্ৰান্তিৰ সৃষ্টি কৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱক, আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়।

শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত পোষ্ট কৰি লিখিছে, ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে কাইলৈ পুৱা ৯ বজাত এইচ এছ পৰীক্ষাৰ ফলাফল-২০২৪ ঘোষণা কৰিব। পুৱা ৭ বজাত জাৰি কৰা হ’ব চৰকাৰী প্ৰেছ বিজ্ঞপ্তি। সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা।”