মহাৰাষ্ট্ৰৰ বিধায়কৰ আপত্তিজনক মন্তব্য: একনাথ সিন্দেলৈ পত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Assam CM writes to Maharashtra CM

মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৰ অসম সম্পৰ্কীয় এক বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া তথা বিৰোধীৰ প্ৰশ্নবাণৰ পিছত অৱশেষত এই বিষয়ত মুখ খুলিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমৰ মানুহে কুকুৰ খায় আৰু মহাৰাষ্ট্ৰৰ পথৰ গৰাকীবিহীন কুকুৰসমূহ সেয়ে অসমলৈ পঠাই দিব লাগে বুলি কাডুৱে কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেলৈ এক পত্ৰ লিখিছে মুখ্যমন্ত্ৰী শৰ্মাই।

হিমন্ত বিশ্ব শৰ্মাই সিন্দেলৈ লিখা এই পত্ৰখনত বাচ্চু কাডুৰ বিবৃতি প্ৰত্যাহাৰ কৰিবলৈ পৰামৰ্শ দিবলৈ আহ্বান জনায়। এক টুইট যোগে প্ৰকাশ কৰা পত্ৰখনত শৰ্মাই কয় যে মহাৰাষ্ট্ৰৰ বিধায়কগৰাকীৰ মন্তব্যত তেওঁৰ লগতে অসমৰ জনসাধাৰণ হতাশ হৈ পৰিছে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লগতে কাডুৰ এই মন্তব্যই অসমৰ সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ অজ্ঞানতা উদঙাই দিছে বুলিও উল্লেখ কৰে আৰু এই বিষয়ত অসমৰ জনসাধাৰণৰ আৱেগ-অনুভূতিৰ প্ৰতি একনাথ সিন্দে সহানুভূতিশীল হ’ব বুলি আশা প্ৰকাশ কৰে।

পত্ৰখনত তেওঁ লগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেক বিধায়ক বাচ্চু কাডুক নিজৰ মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ আৰু এক বিজ্ঞপ্তি যোগে মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰিবলৈ পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়।

উল্লেখ্য যে, আচলপুৰৰ বিধায়ক তথা মহাৰাষ্ট্ৰৰ প্ৰহৰ জনশক্তি পাৰ্টিৰ নেতা বাচ্চু কাডুৱে মহাৰাষ্ট্ৰ বিধানসভাত এক আলোচনাৰ সময়ত ৰাজ্যখনৰ পৰা সকলো অঘৰী কুকুৰক অসমলৈ প্ৰেৰণ কৰিব লাগে বুলি উদ্ভট মন্তব্য কৰিছিল।

ৰাজ্যখনৰ ৰাজপথত গৰাকীবিহীন অঘৰী কুকুৰে সৃষ্টি কৰা সমস্যা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ বিধানসভাত চলি থকা বিতৰ্কৰ প্ৰতিক্ৰিয়া স্বৰূপে কাডুৱে এই মন্তব্য আগবঢ়াইছিল।

তেওঁ আলোচনাৰ মাজতে অসমৰ মানুহে কুকুৰৰ মাংস বহুত খায়, আৰু সেয়ে অসমলৈ এই কুকুৰবোৰৰ প্ৰেৰণ কৰিলে মহাৰাষ্ট্ৰৰ এই সমস্যাৰ ব্যৱহাৰিক সমাধান হ’ব বুলি উল্লেখ কৰিছিল।

তেওঁৰ এই মন্তব্যৰ পাছতে অসমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সাধাৰণ জনতাৰ লগতে ৰাজ্যৰ বিৰোধী দলসমূহে জবাবদিহি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু এই মন্তব্যৰ বাবে বাচ্চু কাডুক কেতিয়া গ্ৰেপ্তাৰ কৰা হ’ব বুলিও প্ৰশ্ন কৰিছিল।

আনহাতে বিৰোধীৰ সমালোচনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাচ্চুৱে বিধানসভাৰ বাহিৰত এই বিবৃতি দিয়া হ’লে অসম আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন বুলি মন্তব্য কৰিছিল।