কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থীয়ে উজনিৰ এক সমষ্টিত কঁপাইছে বিজেপি-অগপৰ মিত্ৰজোঁটৰ ভেঁটি!

Titabar-750x375

যোৰহাটৰ তিতাবৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৰাজনৈতিক বিশ্লেষকসকলৰ বিশেষ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

উল্লেখ্য যে তিতাবৰ সমষ্টিৰ পৰাই একেৰাহে চাৰিবাৰ বিজয়ী হৈ তিনিটা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈছিল তৰুণ গগৈ।

২০১৪ বৰ্ষত প্ৰৱল প্ৰতিষ্ঠান বিৰোধী আৰু বিজেপিৰ সপক্ষে বলা ঢৌৰ মাজতো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিৰোধী প্ৰাৰ্থীক ধূলিস্যাৎ কৰি বিপুল ভোটত বিজয়ী হৈ আহিছিল।

যোৱা বৰ্ষৰ ২৩ নৱেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যু হোৱাৰ লগে লগে সমষ্টিটোৰ পৰা কোনে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰিব তাক লৈ বিভিন্ন মহলত বিশেষভাৱে চৰ্চা লাভ কৰিছিল।

আনকি তিতাবৰ সমষ্টিৰ পৰা তৰুণ গগৈৰ পুত্ৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধীৰ উপ দলপতি গৌৰৱ গগৈয়ো ২০২১ বিধানসভা নিৰ্বাচত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি চৰ্চা লাভ কৰিছিল।

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা পূৰ্বে তিতাবৰ সমষ্টিত কংগ্ৰেছে কাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব তাকেলৈ বিভিন্ন মহলত চৰ্চা লাভ কৰি থকাৰ সময়তে দলটোৱে ভাস্কৰজ্যোতি বৰুৱাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

তিতাবৰৰ এগৰাকী কৰ্মযোগী, উদ্যোগী, কৃষক আৰু মানৱ হিতৈষী ব্যক্তি হিচাপে জনাজাত ভাস্কৰজ্যোতি বৰুৱা তিতাবৰ সমষ্টিটোৰ ডাৰ্ক-হ’ৰ্ছ প্ৰাৰ্থী বুলি বিবেচিত হৈছে।

ইফালে আমাৰ সংবাদিকৰ আগত কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱাই কয়ে যে তেওঁ বিজয়ী হৈ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টিটোত অসম্পূৰ্ণ হৈ থকা কামসমূহ সম্পূৰ্ণ কৰিব।

“তিতাবৰৰ এজন ব্যক্তি হিচাপে তৰুণ দাৰ কি সপোন আছিল সেয়া মই জানো। সমষ্টিটোত ১০০ কোটি টকীয়া নদীৰ পৰা পানী যোগান ধৰা এখন আঁচনি ৰূপায়ণ কৰাতো মোৰ প্ৰথম লক্ষ্য হ’ব। ইয়াৰ দ্বাৰা সমষ্টিটোৰ সকলো লোককে পকিষ্কাৰ, আৰ্চেনিকমুক্ত, আইৰণমুক্ত খোৱা পানী প্ৰদান কৰা হ’ব।” ভাস্কৰজ্যোতি বৰুৱাই কয়।

ইয়াৰ উপৰিও উদ্যোগ স্থাপন, কৃষিখণ্ডৰ উন্নয়ন, ক্ষুদ্ৰ পৰিসৰৰ কৃষি ফাৰ্ম স্থাপন ও নিৰ্মাণ, স্বাস্থ্য, শিক্ষা খণ্ডৰ আদিৰ লগতে সমষ্টিটোৰ সকলো স্তৰৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে ভাস্কৰজ্যোতি বৰুৱাই।