• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম বিধান সভাত আজি গৃহীত হ’ল গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় বিধেয়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2022 8:25 pm
121
VIEWS
Share on FacebookShare on Twitter

অসমৰ শিক্ষা খণ্ডত আৰু এক ন-সংযোজন ঘটিল। অসম বিধানসভাত আজি সৰ্বসন্মতিক্ৰমে গৃহীত হ’ল গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় বিধেয়ক। ফলত অসমৰ শিক্ষাখণ্ডত গুণগত উচ্চশিক্ষাৰ জৰিয়তে সুকীয়া পৰিচয় গঢ়ি তোলা প্ৰতিষ্ঠানটোৱে আনুষ্ঠানিকভাৱে আৰু এক নতুন যাত্ৰাৰ বাবে সাজু হ’ল।

উল্লেখ্য যে অসম চৰকাৰে যোৱা ১২ ছেপ্টেম্বৰত অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন, ২০০৭ৰ অধীনত আনুষ্ঠানিকভাৱে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। শ্ৰীমন্ত শংকৰ একাডেমী (SSA) চ’ছাইটিৰ পৃষ্ঠপোষকতাত এই নতুন গিৰিজনন্দ চৌধুৰী বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব।

বিশ্ববিদ্যালয়খনৰ মুখ্য চৌহদ গুৱাহাটী মহানগৰৰ কাষৰীয়া অঞ্চল আজাৰাত স্থাপন কৰাৰ বিপৰীতে আৰু তেজপুৰত এটা শাখা স্থাপন কৰা হ’ব। নতুন বিশ্ববিদ্যালয়খনৰ অধীনত একাধিক শাখা আৰু বিষয় সামৰি এক গুণগত শৈক্ষিক ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ লক্ষ্য হিচাপে লোৱা হৈছে।

কেবিনেটৰ অনুমোদন লাভ কৰাৰ পিছতেই শ্ৰীমন্ত শংকৰ একাডেমী চ’ছাইটিৰ সম্পাদক বিজয়ানন্দ চৌধুৰীয়ে অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে।

উল্লেখ্য যে শ্ৰীমন্ত শংকৰ একাডেমী (SSA) চ’ছাইটিৰ পৃষ্ঠপোষকতাতে উচ্চশিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন’লজী (জি.আই.এম.টি.) আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চাইন্স (জি.আই.পি.এছ.) পৰিচালিত হয়।

২০০৬ চনৰ ৭ ছেপ্টেম্বৰত অসমৰ প্ৰথম বেচৰকাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠান হিচাপে স্থাপিত হোৱা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন’লজী আৰু ২০০৭ চনত প্ৰতিষ্ঠা হোৱা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চাইন্স-য়ে উচ্চ কাৰিকৰী শিক্ষা আৰু পেছাদাৰী শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সমগ্ৰ উত্তৰ-পূবতে এক অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিছে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd