জাঁজী-হাঁহচৰাত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ; দুখনকৈ ৰে’ল অৱৰোধ

train blocked

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসমৰ ৪৬ টাৰো অধিক জাতীয় সংগঠনে আজি পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ যোৰহাট জিলাৰ জাঁজী-হাঁহচৰা অঞ্চলত সৰ্বাত্মকভাৱে পৰা পৰিলক্ষিত হয়।

সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে অতিবাহিত হোৱা অসম বন্ধৰ কালছোৱাত অঞ্চলটোৰ দোকান-পোহাৰ সমূহ বন্ধ থকাৰ বিপৰীতে চৰকাৰৰ নিৰ্দেশনা মানি চৰকাৰী শিক্ষানুষ্ঠানসমূহ খোলা থাকে যদিও বিদ্যলয়সমূহত ছাত্ৰ-ছাত্ৰী অনুপস্থিত থকা পৰিলক্ষিত হয়।

তদুপৰি বন্ধৰ সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ চলাচল একেবাৰে সেৰেঙা আছিল। মাত্ৰ পৰিবহন নিগমৰ দুই এখন যাত্ৰীবাহী বাছ আৰক্ষীৰ পহৰাৰ মাজত চলাচল কৰে। বন্ধৰ সমৰ্থক সকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাঁজী দলঙৰ দুয়োপাৰে টায়াৰ জ্বলাই পথ অৱৰোধৰ প্ৰচেষ্টা চলাই যদিও আৰক্ষীয়ে সমৰ্থক সকলক আঁতৰাই পথাই।

একেদৰে চেলেংহাটতটো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু যুটীয়া সংসদীয় কমিটীয়ে অসমবাসীক কৰা বিশ্বাস ঘাটকতাৰ প্ৰতিবাদত আহ্বান জনোৱা অসম বন্ধৰ ফলত সকলো ধৰণৰ যান বাহনৰ চলাচল আৰু দোকান পোহাৰ সমুহ স্বতঃস্ফুতভাৱে বন্ধ হৈ পৰে।

কৃষক মুক্তি, আটাছু, আটছাৰ সদস্যসকলে পুৱা ৫ বজাৰ পৰাই ধোদৰ আলিত অৱস্থান গ্ৰহণ কৰাৰ লগতে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে কৃষক মুক্তিৰ সদস্যসকলে আৰক্ষীৰ চকুত ধুলি দি কেইবাঘন্টা ধৰি দুখনকৈ ৰে’ল অৱৰোধ কৰি ৰাখে।

তদুপৰি কৃষক মুক্তিৰ শতাধিক পুৰুষ মহিলাই পুৱা ৭.৩০ বজাত অখিল গগৈৰ গৃহ ভূমি লুখুৰাখন গাঁৱত অৱৰোধ কৰে যোৰহাট-তিনিচুকীয়া অভিমুখী যাত্ৰীবাহী ৰে’লখন। ইয়াৰ পিছতে পুনৰ চেলেংহাট ৰেল ষ্টেচনৰ সমীপত সংগঠনটোৰ সদস্যসকলে ৯.৩০ বজাত ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰেছ খন অৱৰোধ কৰে।

আনহাতে পুৱাৰ ভাগত চেলেংহাটস্থিত পূব যোৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয় খুলিছিল যদিও টাই আহোম ছাত্ৰ সন্থাৰ সদস্যসকলে কাৰ্যালয়টোৰ মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কাৰ্যালয়তো বন্ধ কৰি দিয়াৰ লগতে কৰ্মচাৰী সকলকো ঘৰলৈ উভতাই পঠায়।