গোলাঘাটত বিজেপি কাৰ্যালয়ত আক্ৰমণ; জ্বলাই দিলে বেনাৰ,প’ষ্টাৰ, সৰ্বানন্দ সোণোৱালৰ ফটো

গুৰিয়াই গুৰিয়াই ভাঙিল কাৰ্য্যালয়ৰ গেইট; 'অসমীয়াৰ তেজখোৱা সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ' ধ্বনি প্ৰতিবাদকাৰীৰ

Golaghat BJP

বন্ধৰ সমৰ্থকে গোলাঘাট বিজেপিৰ কাৰ্য্যালয়ৰ বেনাৰ, পোষ্টাৰ, সৰ্বানন্দৰ ফটো জ্বলাই দিয়াৰ দৃশ্য।

নাগৰিকত্ব সংশোধনী বিধেয়কে অসমক পুনৰ অসম আন্দোলনৰ দৰে পৰিস্থিতিৰ মাজলৈ টানি নিবলৈ গৈ আছে নেকি? আজি অসম বন্ধৰ হিংসাত্মক পৰিস্থিতিৰ বাবে এই প্ৰশ্ন উঠিছে। বিধেয়কখনৰ বিৰোধিতাত আজি আছু, নেছ’ তথা ৩০টা জনগোষ্ঠীয় সংগঠনে আহ্বান দিয়া অসম বন্ধত বিভিন্ন ঠাইত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে।

গোলাঘাটত বন্ধৰ সমৰ্থকে বিজেপি কাৰ্যালয়ত আক্ৰমণ কৰাৰ লগতে কাৰ্যালয়ত চৌহদত থকা বেনাৰ,প’ষ্টাৰ ফালি সেইবোৰত জুই লগাই দিয়ে। এসময়ত আছুৱেই জাতীয় নায়কৰ সন্মান দিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটোও জ্বলাই প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদকাৰীসকলে প্ৰথমে বিজেপি গ’ বেক ধ্বনি দি গোলাঘাট জিলাৰ বিজেপিৰ কাৰ্য্যালয় অভিমুখে অগ্ৰসৰ হয়। তাৰ পাছত গুৰিয়াই গুৰিয়াই গেইটখন ভাঙি সোমাই যায় আৰু বেনাৰ, পোষ্টাৰৰ লগতে মুখ্য মন্ত্ৰীৰ ফটো নমাই আনি জ্বলাই দিয়ে। কাৰ্য্যালয়টোৰ আচবাবো ভাঙি চূড়মাৰ কৰে।

প্ৰতিবাদকাৰীসকলে ‘অসমীয়াৰ তেজখোৱা সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ’ ধ্বনি দিয়ে।

‘মই আহি এইবোৰ জ্বলি থকাহে দেখা পালো। কোন কোন আছিল নেদেখিলো। কিন্তু কাৰ্য্যালয়টো সেই সময়ত খোলা আছিল। এজন নিৰাপত্তাৰক্ষীও আছিল।’ অলপ পিছতে কাৰ্য্যালয়টোত উপস্থিত হোৱা এজন বিজেপিৰ কৰ্মকৰ্তাই সাংবাদিকক কয়।

উল্লেখযোগ্য যে ৭ জানুৱাৰিত বিধেয়কখনৰ সপক্ষে জেপিচিয়ে প্ৰতিবেদন দিয়াটো নিশ্চিত হোৱাৰ পিছতে আছু, নেছ’ আৰু ৩০ জনগোষ্ঠীয় সংগঠনে অসম বন্ধৰ লগতে সমগ্ৰ উত্তৰ-পূব বন্ধ দিছিল।

আনহাতে দুদিন পূৰ্বে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত অসম বিজেপিৰ মুখ্য কাৰ্য্যালয়কে ঘেৰাও কৰিছিল নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বাবে ক্ষুভিত হৈ থকা বহু সংখ্যক নাগৰিকে, য’ত সৰহভাগেই আছিল মহিলা।