বিপদৰ সময়ত মিছা তথ্যৰে ৰাইজক উচটনি দিয়া বন্ধ কৰক কংগ্ৰেছে : বিজেপি

সোণোৱালৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে পোন প্ৰথম বাৰৰ বাবে বানপানী প্ৰাকৃতিক দুৰ্যোগ হিচাপে চিহ্নিত হৈছে: ৰূপম গোস্বামী

WhatsApp Image 2020-07-23 at 7.44.43 PM

কংগ্ৰেছৰ অভিযোগৰ প্ৰত্যুত্তৰ দি বৃহস্পতিবাৰে ৰাজ্যিক কাৰ্যালয়ত বিজেপিৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

“বিপদৰ সময়ত মিছা তথ্যৰে ৰাইজক উচটনি দিয়া বন্ধ কৰক কংগ্ৰেছে।”  বৃহষ্পতিবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত ৰাজ্যিক মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে কংগ্রেছক কটাক্ষ কৰি এইদৰে কয়।

তেওঁ লগতে কয়, “বানপানী, গৰাখহনীয়া, ক’ৰনা সকলোৱে আগুৰি সৃষ্টি কৰা এনে এক জটিল সময়ত চৰকাৰখনে ৰাইজক লৈ ৰাজনীতি কৰাৰ কথা কোৱাটোৱেই কংগ্ৰেছ দলৰ নিকৃষ্ট ৰাজনীতি ৷”

“যি সময়ত অসমৰ সৰ্বস্তৰৰ ৰাইজ বিপৰ্যস্ত হৈছে, এনেবোৰ সময়ত নিজৰ ন্যস্ত স্বাৰ্থ পূৰণৰ চিন্তা পৰিহাৰ কৰি অসমৰ প্ৰতিটো দল-সংগঠন একলগ হৈ চৰকাৰক সহযোগ কৰি ৰাইজৰ কাষত থকাটোহে বেছি প্ৰয়োজনীয়,”-গোস্বামীয়ে এইদৰে কয়।

যি সময়ত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন মন্ত্ৰী, সাংসদ, বিধায়ক, জন প্ৰতিনিধি, কাৰ্যকৰ্তাই এবুকু পানীত নামিও বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াইছে, ৰাতিক দিন কৰি চৰকাৰ প্ৰশাসনে যিদৰে কাম কৰিছে তেনে সময়ত কেৱল মাথোঁ প্ৰচাৰ লাভৰ এক নাটকত ব্যস্ত হৈ কংগ্ৰেছ দলে বাৰে বাৰে কিছু ভুল তথ্যৰে ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰাহে দেখা গৈছে বুলি গোস্বামীয়ে দাবী কৰে।

সংবাদমেলত তেওঁ আৰু কয়, “ইমান বছৰ শাসনত থকাৰ পাছতো গৰাখহনীয়াৰ দৰে জ্বলন্ত সমস্যাবোৰ সমাধানৰ কোনো চেষ্টা নকৰা কংগ্ৰেছ দলে এতিয়া ঘঁৰিয়ালৰ চকুপানী টুকি ৰাইজক দেখুৱাৰ বাহিৰে আন একো কৰা নাই।”

ইয়াৰোপৰি, বছৰি প্ৰায় বহৎ পৰিমাণৰ মাটি গৰাখহনীয়াত নদীৰ বুকুত জাহ যায় বুলি মন্তব্য কৰি ৰূপম গোস্বামীয়ে কয়, “এনে এটি জ্বলন্ত সমস্যা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে পোন প্ৰথম বাৰৰ বাবে প্ৰাকৃতিক দুৰ্যোগ হিচাপে চিহ্নিত হৈছে ৷”

পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ গোস্বামীয়ে সংবাদমেলত কয়, “স্বাধীনতাৰ পাছত অধিক বছৰ শাসনত থকা কংগ্ৰেছ দলে আজি অসমৰ বান সন্দৰ্ভত প্ৰশ্ন কৰাৰ কোনো নৈতিক অধিকাৰ নাই।”

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই নীতি আয়োগৰ উপাধ্যক্ষক সভাপতি হিচাপে লৈ North East water Management Authority গঠনেৰে বান সমস্যাৰ স্থায়ী সমাধানৰ যি পদক্ষেপ লৈছে ই নিসন্দেহে আদৰণীয়,”-গোস্বামীয়ে কয়।

ইতিমধ্যে দুৰ্যোগ ব্যৱস্থাপনা শিতানত কেন্দ্ৰই ইতিমধ্যেই প্ৰথম কিস্তিৰ ৩,৮৬ কোটি টকা মোকলাই দিছে বুলি তেওঁ দাবী কৰে।

তেওঁ এক তথ্য দাঙি সংবাদমেলত কয়, “চৰকাৰেও এতিয়ালৈকে প্ৰায় ১.০৮ লাখ কুইণ্টল চাউল, ২১,০০০ কুইণ্টল দালি, ৭০০০ লিটাৰ মিঠাতেলৰ লগতে প্ৰয়োজনীয় সামগ্ৰী বানাক্ৰান্ত ৰাইজলৈ আগবঢ়াইছে ৷”

ইপিনে কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অনা অভিযোগক নসাৎ কৰি গোস্বামীয়ে কয়, “বিগত সময়ত UPA-১ আৰু UPA-২ৰ সময়ত অসমলৈ পৰ্যায়ক্ৰমে ১২০৯.১৮ কোটি আৰু ১২৩১ কোটি টকা দুৰ্যোগ ব্যৱস্থাপনা শিতানত মুকলি কৰি দিছিল ৷ কিন্তু ২০১৪ চনৰ পৰা ২০১৯ চনলৈ NDA নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথম কাৰ্যকালত ২৩০২.৬২ কোটি টকা আৰু এই চৰকাৰখনৰ দ্বিতীয়টো কাৰ্যকালৰ এই ডেৰ বছৰৰ সময়ৰ ভিতৰতে অসমলৈ এতিয়ালৈকে এই শিতানত ৮৮৯.১ কোটি টকা মুকলি কৰি দিছে ৷”

ৰিপুন বৰাক কটাক্ষ কৰি তেওঁ আৰু কয়, “তিহাৰ জেল ফেৰৎ কংগ্ৰেছ সভাপতি গৰাকীয়ে ভুল তথ্যৰে চৰকাৰখনক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্য অত্যন্ত নিন্দনীয়।”

উক্ত সংবাদ মেলত ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যিক সংবাদ সম্পৰ্ক বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত থাকে ৷