NORTHEAST NOW (Assamese)

ৰঞ্জিত দাসৰ পতাকা-বিজুতি কাণ্ডত দলীয় বিষয়বাব হেৰুৱালে অসম বিজেপিৰ কাৰ্য্যকৰ্তাই

January 26, 2019 8:33 pm · কল্পজ্যোতি শইকীয়া
Updated: January 26, 2019 8:37 pm
আজি পুৱা গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ যত্ন কৰি থকা অৱস্থাত অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাস।

৭০ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আজি দলৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ গৈ যি বিড়ম্বনাৰ সন্মুখীন হয়, তাৰ ফলত দলীয় দায়িত্ব হেৰুৱাব লগীয়া হয় দলৰ এজন কৰ্মকৰ্তাই।

‘পৰিস্থিতিটো’ৰ দৃশ্য সম্বলিত ভিডিঅ’ সংবাদ মাধ্যমৰ জৰিয়তে আৰু ছ’চিয়েল মিডিয়াত দ্ৰুত গতিত বিয়পি পৰাত বিব্ৰত দলীয় নেতৃত্বই তৎকালীনভাৱে কৰ্মীজনক দায়িত্বৰ পৰা আঁতৰায়।

বিজুতিৰ ঘটনাটোক “দলৰ এজন কাৰ্য্যকৰ্তাৰ অসাৱধানতাৰ বাবে ব্যাঘাত জন্মে” বুলি অসম বিজেপিৰ এটা বিজ্ঞপ্তিত কোৱা হৈছে। সূত্ৰটো অৱশ্যে উক্ত কাৰ্য্যকৰ্তাৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে।

মন কৰিব লগীয়া যে কাৰ্য্যকৰ্তাজনে নিজৰ অসাৱধানতাৰ বাবে ভুল স্বীকাৰ কৰে যদিও সভাপতি ৰঞ্জিত দাস তেওঁক দায়িত্বৰ পৰা তৎকালীনভাৱে অব্যাহতি দিয়াৰ পৰা বিৰত নাথাকিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০১৭ চনৰ গণৰাজ্য দিৱসত একেই স্থানতে অসম বিজেপিৰ সভাপতি হিচাপে ৰঞ্জিত দাসে নিজে ওলোটাকৈ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিছিল।

চাৰিওফালে হোৱা প্ৰতিক্ৰিয়াৰ উত্তৰত ৰঞ্জিত দাসে “সদায় পিন্ধা গেঞ্জিটো কেতিয়াবা ওলোটা হয়” বুলি তুলুঙা আৰু দায়সৰা মন্তব্য দিছিল। তাৰোপৰি নিজে দায়িত্বৰ পৰা অব্যাহতি লোৱা নাছিল। কিন্তু এইবাৰ সেই ৰঞ্জিত দাসেই কাৰ্য্যকৰ্তাজনক আজিৰ ভুলৰ বাবে দায়িত্বৰ পৰা অব্যাহতি দিয়ে।

“কাৰ্য্যকৰ্তাজনে ভুল স্বীকাৰ কৰিছে” বুলি বিজ্ঞপ্তিটোত কোৱা হয়। লগতে কয়, “তথাপিও বিষয়টোৰ গুৰুত্ব উপলব্ধ কৰি ৰাজ্যিক সভাপতি মহোদয়ে উক্ত কাৰ্য্যকৰ্তাজনক দলীয় দায়িত্বৰ পৰা তৎকালে কাৰ্য্যকৰী হোৱাকৈ অব্যাহতি দিয়ে”।

উল্লেখযোগ্য যে আজি পুৱাই হেঙেৰাবাৰীত দলৰ কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ যোৱা ৰঞ্জিত দাস পুনৰ এক অনাকাংক্ষিত বিড়ম্বনাৰ সন্মুখীন হয়।

দাসৰ প্ৰথম প্ৰয়াসত পতাকাখন আধা উচ্চতাৰ পৰাই খহি পৰে। তাৰ পিছত আকৌ পতাকাৰ দণ্ড নমাব লগীয়া হয়। পিছত সেয়া ঠিক হয় যদিও দ্বিতীয় প্ৰয়াসতো কেণা লাগে। দ্বিতীয়বাৰো খোল নাখালে জাতীয় পতাকা। অৱশেষত পুনৰ পতাকাখন তললৈ নমাই আনি তলতে গাঁঠি খুলি পতাকা উত্তোলন কৰিলে ৰঞ্জিত দাসে। এইদৰে তিনিবাৰ চেষ্টা কৰিহে সফল হয় পতাকা উত্তোলনত।

ইয়াকে লৈ ছ’চিয়েল মিডিয়াত এতিয়ালৈকে সৰস চৰ্চা হৈ থকা দেখা গৈছে। বহুতে টিপ্পনী দিছে এইদৰে, “গেৰুৱা পতাকাক অধিক গুৰুত্ব দি অহা বিজেপিক ৰাষ্ট্ৰীয় পতাকাই লগ নিদিয়ে।”

আন কিছুমানৰ মন্তব্য, “ক’লা পতাকাই লগ নেৰা বিজেপিক জাতীয় পতাকাই লগ এৰা দিছে”।

ইপিনে, পতাকা বিসংগতিক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই।

বৰাই সংবাদ মাধ্যমৰ আগত কয়, “বিজেপিৰ এনে অথন্তৰ হ’বই। কাৰণ বিজেপিয়ে ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাব পৰা নাই। বিজেপিয়ে বাধ্যত পৰি উত্তোলন কৰিছে জাতীয় পতাকা।”

“ৰঞ্জিত দাসৰ গণতন্ত্ৰ প্ৰতি কিমান শ্ৰদ্ধা, সেই কথাই প্ৰতিফলিত হৈছে” বুলিও মন্তব্য কৰে বৰাই।

ইপিনে আজিৰ দিনটোতে অৰুণাচলৰ ৰাজধানী ইটানগৰতো বিজেপিৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডু আৰু ৰাজ্যপাল ড০ বি ডি মিশ্ৰই পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি থকা মুহূৰ্ততে পতাকাখন খহি মাটিত পৰিছিল। লগতে ধুবুৰীৰ গোলকগঞ্জত চক্ৰ বিষয়া তোনতৃষ্ণা ঘৰফলীয়াই পতাকা উত্তোলন কৰোঁতে তললৈ খহি পৰিল পতাকা ৷

Related News