• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসত নাগৰিকক অপমান কৰাৰ অধিকাৰ ক’ত পালে মুখ্য মন্ত্ৰী সোণোৱালে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 26, 2019 8:37 pm

2 min read

গণৰাজ্য দিৱসত নাগৰিকক অপমান কৰাৰ অধিকাৰ ক’ত পালে মুখ্য মন্ত্ৰী সোণোৱালে?
1.7k
VIEWS
Share on FacebookShare on Twitter

ক্ৰমবৰ্ধমান, জনবহুল গুৱাহাটীৰ বুকুত ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কানন উশাহ লোৱাৰ অকমান মুকলি ঠাই মহানগৰবাসীৰ। অন্ততঃ সেই উদ্দেশ্যেৰেই উদ্যানখনৰ ব্যৱস্থা কৰিছিল জি এম ডি এ’ই।

ব্যস্ত মহানগৰীৰ অলপ মুকলি উশাহ ল’বলৈ উদ্যানখনত প্ৰতিদিনে কাহিলী পুৱাৰে পৰা আগমন হয় অসংখ্য লোকৰ। ডেকা-ডেকেৰীতকৈ সেইসকলৰ মাজত জ্যেষ্ঠ লোকৰ সংখ্যা বেছি। আকৌ এদিন সুস্থ হোৱাৰ আশাত পক্ষাঘাতত আক্ৰান্ত ৰোগীসকলো আনৰ হাতত ধৰি তাত খোজ দিবলৈ আহে। ইয়াত আছে এটা লাফিং ক্লাবো।

আৰু গণৰাজ্য দিৱসৰ দিনাই “মুখ্য মন্ত্ৰীৰ কাৰ্য্যসূচী থকাৰ বাবে” পুৱাৰে পৰা হঠাতে বন্ধ কৰি দিয়া হ’ল উদ্যানখন। নাই কোনো আগতীয়া জাননী।

উদ্যানখনৰ প্ৰৱেশ পথত দণ্ডায়মান অসম আৰক্ষীৰ জোৱানে এজন এজনকৈ ঘূৰাই পঠাইছে উদ্যানখনত প্ৰতিদিনে পুৱা সমাগম হোৱা প্ৰায় ৫০০গৰাকী লোকক।

প্ৰতিদিনে যোৱাৰ দৰে তাত খোজ কাঢ়িবলৈ গৈ পুৱা ৬ বজাতে উপস্থিত হোৱা এজন জ্যেষ্ঠ লোকে এই নিষিদ্ধতাৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাত আৰক্ষীৰ উত্তৰ, “ওপৰৰ নিৰ্দেশ আছে।” ব্যক্তিজনে নিৰ্দেশৰ জাননী চাব খোজাত আহি ওলাল গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত দীপক কুমাৰ!

“আজিলৈ এৰক আৰু। চি এমৰ কাৰ্য্যসূচী আছে,” কৰমৰ্দনেৰে জ্যেষ্ঠ নাগৰিকজনক এই দিহা আই পি এছ কুমাৰৰ!

গণৰাজ্য দিৱস বা আন যিকোনো দিনতে স্বদেশৰ নাগৰিকৰ চলাচলৰ স্বাধীনতাত এইটো কি ধৰণৰ হস্তক্ষেপ, প্ৰশ্ন খোজ কাঢ়িবলৈ গৈ বিমুখ হোৱা ভাৰতৰ নাগৰিকজনৰ। “গণৰাজ্য দিৱসৰ ৰাতিপুৱাতে এইটো নাগৰিকলৈ মুখ্য মন্ত্ৰীৰ কি ধৰণৰ উপহাৰ?” প্ৰশ্ন নাম প্ৰকাশ কৰিব নোখোজা আন এজন ব্যক্তিৰ। নাম প্ৰকাশ কৰিব নোখোজাৰ কাৰণ “‘Obvious’, you know, democracy, republic!”, নিৰীহ নাগৰিকৰ উত্তৰ।

মনত পেলাব নিশ্চয় পাৰি, শাসনলৈ আহি এইজন মুখ্য মন্ত্ৰী সোণোৱালে সাধাৰণ নাগৰিকৰ সৈতে ত্ৰেফিক নিয়ম মানিছিল। তাক লৈ চলিছিল ব্যাপক চৰ্চা। এতিয়া নামানে! নিজৰ চাবুৱাৰ ঘৰলৈ ৰে’লত গৈছিল। এতিয়া হেলিকপ্তাৰত উৰে।

সেয়া দেখুৱাবলৈ আছিল, ৫ বছৰ নৌহওঁতেই সময়ে প্ৰমাণ কৰিলে।

গণতন্ত্ৰৰ আধাৰ ইয়াৰ জনসাধাৰণ, দেশৰ নাগৰিক। নহ’লে কাৰ বাবে এই গণতন্ত্ৰ, আৰু কাৰ দ্বাৰা?

গণৰাজ্য দিৱসত নাগৰিকক অপমান কৰাৰ অধিকাৰ ক’ত পালে মুখ্য মন্ত্ৰী সোণোৱালে?

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd