NORTHEAST NOW (Assamese)

বাজপেয়ীৰ প্ৰথম মৃত্যু বাৰ্ষিকী: দেশৰ লগতে সমগ্ৰ অসমতে “পিতামহ” স্মৰণ বিজেপিৰ

August 16, 2019 7:09 pm · এন ই নাও নিউজ
বিজেপিৰ গুৱাহাটীস্থিত ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলিৰ ছবি।

প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যু বার্ষিকীত বিজেপিয়ে দেশৰ লগতে সমগ্ৰ অসমজুৰি শুকুৰবাৰে দলৰ “পিতামহ”জনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলিৰে দলটোৰ প্ৰাদেশিক কাৰ্য্যালয়ৰ লগতে সকলো জিলা কাৰ্য্যালয়তে স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

নতুন দিল্লীত বাজপেয়ীৰ সমাধিস্থলীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু অন্যান্য নেতাসকলে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

দলৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ৰমে বৰপেটা, জামুগুৰিহাট আৰু ঢেকিয়াজুলিত প্ৰয়াত প্ৰধান মন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

গুৱাহাটীস্থিত ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত আয়োজিত সভাত প্রাক্তন প্রধানমন্ত্রীজনে ‘‘প্ৰমূল্যবোধৰ ৰাজনীতিৰে দেশৰ বাবে আগবঢ়াই যোৱা অৱদানৰ ওপৰত আলোকপাত কৰা হয়”, দলীয় বিবৃতিত প্ৰকাশ।

গুৱাহাটীৰ স্মৃতিচাৰণ সভাত ৰাজ্যিক উপ-সভাপতি বিজয় গুপ্তাই বিজেপিৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ সৈতে থকা তেওঁৰ ব্যক্তিগত অভিজ্ঞতা স্মৰণ কৰে।

“বাজপেয়ীদেৱৰ শিশুসুলভ কিন্তু বলিষ্ঠ ব্যক্তিত্ব সকলোৰে প্ৰেৰণাৰ উৎস হৈ থাকিব,” গুপ্তাই কয়।

আন এগৰাকী ৰাজ্যিক উপ-সভাপতি প্রদীপ ঠাকুৰীয়াই কয়, “কেন্দ্রীয় চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰৰ বাবে লোৱা ঐতিহাসিক সিদ্ধান্তই মহান নেতাগৰাকীৰ দীর্ঘদিনীয়া সপোনক বাস্তৱায়িত কৰিলে।”

সভাত ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, বিধায়ক দিলীপ পাল, বিধায়ক ডাঃ নুমল মমিন আৰু গুৱাহাটী মহানগৰ জিলাৰ সভাপতি বিচিত্র নাৰায়ণ কলিতায়ো বক্তব্য ৰাখে।

Related News