অগপৰে মিত্ৰতা নকৰাৰ পুনৰ ইংগিত ৰঞ্জিত দাসৰ

বিজেপিৰ তৃণমূল পৰ্য্যায়ৰ কৰ্মীয়েও নিবিচাৰে অগপৰে মিত্ৰতা

Ranjeet-Das-1

অসম বিজেপিৰ বিশেষ সাংগঠনিক সভাত সভাপতি ৰঞ্জিত দাস।

অগপৰ সৈতে ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰে মিত্ৰতা হৈছিল যদিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষ-বিপক্ষ ল’বলৈ গৈ সেই মিত্ৰতা ভংগ হ’ল। যিহেতু জাতিধ্বংসী বিধেয়কখন ৰাজ্যসভাত উত্থাপন নহ’ল, সেয়েহে পুনৰবাৰ বিজেপিৰে অগপৰ মিত্ৰতা হ’ব নেকি বুলি চৰ্চা হৈ আহিছে। আঞ্চলিক দলটোৱে নিজৰ স্থিতিৰ জৰিয়তেও পুনৰ মিত্ৰতাৰ ইংগিত দি আহিছে।

কিন্তু এই ক্ষেত্ৰত কঠোৰ স্থিতি লৈ আহিছে অসম বিজেপিৰ ৰঞ্জিত দাসে। ৭ মাৰ্চত অসম বিজেপিৰ এখন বিশেষ সাংগঠনিক সভাত অগপৰে মিত্ৰতা নোহোৱাৰ চূড়ান্ত ইংগিত দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতিজনে। সভাখনত দলটোৰ বহু সংখ্যক কৰ্মী, প্ৰতিনিধিৰ লগতে অসমৰ প্ৰভাৰী মহন্দ্ৰ সিঙো উপস্থিত আছিল।

ইপিনে দুদিন পূৰ্বে ডিব্ৰুগড়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিত্ৰতাৰ সন্দৰ্ভত সভাপতি ৰঞ্জিত দাসেই সকলো কথা ক’ব বুলি কৈছিল।

কিন্তু আজি সভাখনত উপস্থিত দলটোৰ পৌৰ নিগম, পৌৰসভা, নগৰ সমিতিৰ প্ৰতিনিধিসকলক সভাপতি ৰঞ্জিত দাসে প্ৰশ্ন কৰে, ‘আপোনালোকে অগপৰ সৈতে মিত্ৰতা বিচাৰে নে?’ এইদৰে প্ৰশ্ন কৰি তেওঁ কয় যে যিহেতু ৰাষ্ট্ৰীয় সমিতিয়ে ৰাজ্যিক সমিতিৰ পৰা জানিব বিচাৰে, সেয়েহে ৰাজ্যিক সভাপতি হিচাপে আপোনালোকৰ মতামত ল’ব বিচাৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহি সভাখনত উপস্থিত হোৱা চাৰি শতাধিক তৃণমূল পৰ্য্যায়ৰ প্ৰতিনিধিয়ে কোনেও অগপৰ সৈতে মিত্ৰতা বিচাৰো বুলি কোৱা দেখা নগ’ল।

কাৰ্য্যকৰ্তাসকলৰ মাজত পৰা এজনে ৰঞ্জিত দাসক উদ্দেশ্যি কয়, ‘ছাৰ, তৃণমূল পৰ্য্যায়ৰ কোনেও অগপৰ সৈতে মিত্ৰতাৰে নিৰ্বাচন খেলাটো নিবিচাৰে।’

সাংগঠনিক সভাখনত উপস্থিত ৰাইজৰ পৰা তেনে সঁহাৰি লাভ কৰি দাসে কয়, ‘ৰাষ্ট্ৰীয় সমিতিৰ পৰা অগপৰ সৈতে মিত্ৰতা কৰা-নকৰাক লৈ তেনেকুৱা একো খবৰ পোৱা নাই। অসমৰ প্ৰভাৰী মহেন্দ্ৰ সিঙকো ৰাষ্ট্ৰীয় সমিতিয়ে একো কথা জনোৱা নাই।‘ এই কথা কয় প্ৰভাৰী মহেন্দ্ৰ সিঙক সন্মুখত বহুৱাই লৈ।

‘অগপ-বিজেপিৰ মিত্ৰতা চূড়ান্ত’ বুলি সংবাদ মাধ্যমত ওলোৱা খবৰক তেওঁ মিছাকৈ বাতৰি আখ্যা দিয়ে।

তেওঁ আৰু কয়, ‘বিপিএফ দল আমাৰ লগত মিত্ৰ দল হিচাপে আছে আৰু আগন্তুক লোকসভা নিৰ্বাচনতো থাকিব। তেওঁলোকক কোকৰাঝাৰ আসনখন দিয়া হৈছে। এই কথা ইতিমধ্যে চূড়ান্ত হৈছে।‘

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, অগপ দলৰো তৃণমূল পৰ্য্যায়ৰ কৰ্মীসকলে বিজেপি দলৰে মিত্ৰতা কৰাটো মুঠেও বিচৰা নাই। কিয়নো অগপৰ নেতৃত্বৰ কৰ্ম-কাণ্ড আৰু স্থিতিত ক্ষুব্ধ এজন লোকে আজি এটা অকল্পনীয় ব্যতিক্ৰম পদক্ষেপেৰে গুৱাহাটীৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয় তলা লগাই বন্ধ কৰি দিয়ে। তেওঁ বিজেপিৰ সৈতে আঞ্চলিক দলটোৱে মিত্ৰতাৰ চেষ্টা কৰা বুলি ভাবিয়ে তেনে কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে।