অসম বিজেপিত বিদ্ৰোহৰ উকমুকনি; ভৱেশ কলিতাক পুতলা সভাপতি আখ্যা মৃণাল শইকীয়াৰ

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোতে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে বিষেদাগাৰ প্ৰকাশ কৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। সম্পূর্ণ খিলঞ্জীয়া জনসাধাৰণৰ ভোট থকা যোৰহাট লোকসভা সমষ্টিত বিজেপি পৰাস্ত হোৱাক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে খুমটাইৰ বিধায়কগৰাকীয়ে।

সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কয়- ‘ধন, বৃহৎ প্ৰচাৰ অভিযান, মাত্রাধিক নেতা আৰু অহংকাৰী ভাষণে নির্বাচনত জয়ী হোৱাত সদায় সহায় নকৰে। কেৱল অর্থসর্বস্ব ৰাজনীতিক জনতাই প্রশ্রয় নিদিয়ে। নেতাৰ মুখৰ কথাই যোৰহাটত হৰুৱালে বিজেপিক। ভাৰতীয় জনতা পার্টিৰ অসম প্ৰদেশৰসভাপতি ভৱেশ কলিতাৰ কোনো নিজস্বতা নাই। সভাপতি হিচাপে পুতলাহে ভৱেশ কলিতা। বহু ক্ষোভ আছে যদিও প্রকাশ কৰিবলৈ সাহস নকৰে কোনেও। মোৰ কোনো মতলব নাই, সেয়ে খোলাকৈ ক’ম। আগত নির্বাচনত মোক টিকট নিদিয়ে বুলি ভয় খুৱাই থাকে। দিলে দিব নিদিলে নাই, মোক টিকট দিবলৈ দলৰ অভাৱ নাই। জয়ন্ত মল্ল বৰুৱা নিজৰ সমষ্টিৰ পৰা বাহিৰলৈ ওলালেই বিজেপিৰ ভোট ভাগে। যোৰহাটলৈ কোনো নেতা নহা হ’লেই জয়ী হ’লহেঁতেন তপন গগৈ।’

লগতে ১৯৯৪ চনৰ পৰা বিজেপি কৰাৰ কথা উল্লেখ কৰি বিধায়ক শইকীয়াই পুনৰ কয়- ‘এতিয়া পৰিভ্ৰমী চৰাইৰ দৰে এচাম আহি ধ্বংস কৰিছে দলটো। তেওঁলোক এতিয়া আছে, কাইলৈ থাকিব নে নাই তাৰো ঠিক নাই। থকা দিনকেইটাত উঠিৰজা-বহিৰজা হৈ আমাক গ্ৰাস কৰিছে। বিজেপিৰ ক’ৰ কমিটীৰ সভাত দেখি আচৰিত হওঁ, আমি দলটোৰ বাবে অতদিনে ত্যাগ কৰা নেতাবোৰ বহুত পাছত বহিবলৈ পাওঁ, কালি-পৰহি অহাবোৰ প্ৰথম শাৰীত বহি দলৰ সিদ্ধান্ত লয়। দল আৰু চৰকাৰ বেলেগ হ’ব লাগে। কিন্তু এতিয়া কেইজনমানে সকলো একাকাৰ কৰি স্বেৰাচাৰিতা কৰিছে। এইবোৰ আমি সহ্য নকৰো। মোৰ দৰে বহুতৰ এনে ক্ষোভ আছে, কিন্তু প্রকাশ কৰিবলে সাহস নকৰে।’ সামাজিক মাধ্যম এক্সযোগে শইকীয়াই গৌৰৱ গগৈক জয়ৰ বাবে অভিনন্দন জনায়। আনহাতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই জনোৱা অভিনন্দন সন্দর্ভত সাংসদ গৌৰৱ গগৈয়ে কয় ‘মৃণাল শইকীয়া এগৰাকী দক্ষ আৰু প্রকৃতিপ্রেমী আৰু জনদৰদী বিধায়ক। মতমতাৰ অমিল হ’লেও আমাৰ চিন্তাৰ মিল আছে।’