• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি; মোদীৰ নেতৃত্বত জনগণে গণতান্ত্ৰিক মূল্যবোধৰ পৰিৱেশ পাইছে বুলি দাবী সোণোৱালৰ

সোণোৱালৰ ভাষণৰ পৰা বাদ নপৰিল বৈশিষ্ট্যপূৰ্ণ ‘পাহাৰ-ভৈয়াম, বৰাক ব্ৰহ্মপুত্ৰ’ৰ উল্লেখ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 21, 2018 12:57 pm
BJP Manifesto

বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত দলটোৰ পঞ্চায়ত নিৰ্বাচনী ইস্তাহাৰ মুকলি।

648
VIEWS
Share on FacebookShare on Twitter

আজি হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত দলটোৰ পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ উন্মোচন কৰা হয়। নিৰ্বাচনী ইস্তাহাৰ উন্মোচনী সভাত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।

নিৰ্বাচনী ইস্তাহাৰৰ লগতে দলটোৱে নিৰ্বাচনী প্ৰচাৰৰ বাবে দুটা গীতো উন্মোচন কৰে। গীত দুটাত নীল আকাশে কণ্ঠদান কৰিছে।

ইস্তাহাৰ মুকলি কৰা সভাত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে অসমৰ বুকুত স্বচ্ছ আৰু নিকা পঞ্চায়তীৰাজ ব্যৱস্থাৰ বাবে দলটোৱে চেষ্টা কৰিছে। তেওঁ নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বৰ প্ৰশংসা কৰে।

“মাননীয় প্ৰধান মন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে আৰু অৰুণাচলৰ পৰা গুজৰাটলৈকে দেশৰ ১২৫ কোটি লোকে মৰ্য্যাদাপূৰ্ণ জীৱন পাইছে। দেশবাসীয়ে শক্তিশালী গণতান্ত্ৰিক মূল্যবোধৰ বাতাৱৰণ পাবলৈ সক্ষম হৈছে।” এইদৰে কয় সোণোৱালে।

আনহাতে ইস্তাহাৰ উন্মোচনী সভাৰ ভাষণত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ বৈশিষ্ট্যপূৰ্ণ উক্তি ‘পাহাৰ-ভৈয়াম, বৰাক ব্ৰহ্মপুত্ৰ’ৰ পুনৰাবৃত্তি কৰিবলৈ নাপাহৰিলে।

“ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজক আস্থাত লৈ আমি দুৰ্নীতিমুক্ত অসম নিৰ্মাণ কৰাৰ বাবে নিৰন্তৰ অভিযান চলাই এটা আমূল পৰিৱৰ্তন ৰাইজৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছো।” সোণোৱালে কয়।

দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে আপোনালোকে চালে দেখিব যে কংগ্ৰেছৰ দিনত দিয়া ঘৰবোৰৰ কোনোবাটোৰ চালিখন, কোনোবাটোৰ বেৰকেইখনহে দেখা পাব। “আমি একেই আঁচনিৰ অধীনত ঘৰবোৰৰ  বাবে পূৰ্বৰ ৭৫ হাজাৰ টকাৰ ঠাইত ১.৫ লাখ টকা কৰি দিছো।” ৰঞ্জিত দাসে কয়।

আনহাতে এইবাৰৰ এ পি এছ চিত গ্ৰাম্যাঞ্চলৰ আৰু সাধাৰণ পৰিয়ালৰ পৰা অহা পৰীক্ষাৰ্থীৰ সফলতাৰ আঁৰতো চৰকাৰখনৰ কৃতিত্ব দাবী কৰে। “এইবাৰ আনকি ডিমা হাচাওৰ পৰা একেবাৰে সাধাৰণ পৰিয়ালৰ ১৫ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতা পাইছে। গতিকে গ্ৰাম্যাঞ্চলৰ মানুহে জানে আমি কি কৰি আছো।” দাসে কয়।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd