NORTHEAST NOW (Assamese)

খিলঞ্জীয়াৰ হৈ মাত মতাটো দল বিৰোধী হোৱা নাই: ৰাজ্যিক বিজেপি মুখপাত্ৰ আৱাল

August 28, 2019 6:59 pm · কল্পজ্যোতি শইকীয়া
Updated: August 28, 2019 7:05 pm
অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মুমিনুল আৱাল (মাজৰজন)। ফাইল ফটো।

দলীয় পদবীত থকা অৱস্থাত আন মঞ্চৰ হৈ খিলঞ্জীয়াৰ বাবে মাত মতাত কোনো দল বিৰোধিতা দেখা নাই অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে।

মুখপাত্ৰৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ প্ৰতিক্ৰিয়াত নৰ্থ ইষ্ট নাওত বুধবাৰে এই মন্তব্য আগবঢ়াইছে আৱালে।

সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰো অধ্যক্ষ মমিনুল আৱালে জনায় যে দলৰ পৰা এই সন্দৰ্ভত তেওঁ কোনো জাননী এতিয়ালৈকে পোৱা নাই।

“এই কথাটো ময়ো শুনি আছো, কিন্তু দলৰ ফালৰ পৰা মোক অফিচিয়েলী একো জনোৱা হোৱা নাই,” অব্যাহতিৰ বাতৰি সন্দৰ্ভত আৱালে কয়।

কিন্তু যোৱা ৪ আগষ্টত ২১ টা জনগোষ্ঠীৰ মঞ্চ ‘জনগোষ্ঠীয় সমন্বয় পৰিষদৰ’ হৈ তেওঁ সম্বোধন কৰা সংবাদমেলৰ বাবেই তেওঁৰ ‘পাখি কটা হ’ল’ বুলি ব্যাপক চৰ্চা চলিছে।

সংবাদমেল সম্বোধন কৰি আহ্বায়ক মুমিনুল আৱালে চৰকাৰৰ ওচৰত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা কৱচ প্ৰদানৰ দাবী তুলিছিল।

“জাতীয় স্বাৰ্থৰ বিষয়বোৰত যদি ৰাজ্যিক মুখপাত্ৰই মাত নামাতে, তেন্তে কোনে মাতিব? খিলঞ্জীয়াৰ হৈ মাত মাতিব নোৱাৰিব বুলি দলৰ পৰা তেনে কোনো নিৰ্দেশনা নাই। অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমীয়া মানুহে সাংবিধানিক সুৰক্ষা কবচ পাব লাগে, এই দাবী উত্থাপন কৰাটো কেতিয়াও দলবিৰোধী বিষয় নহয়,” এই চৰ্চাৰ প্ৰত্যুত্তৰ আৱালৰ।

পূৰ্বে বহুকেইখন সংবাদমেলত কংগ্ৰেছ নাইবা অন্য ৰাজনৈতিক দল তথা কৃষক নেতা অখিল গগৈয়ে অনা অভিযোগৰ প্ৰত্যুত্তৰ দিয়া বিজেপিৰ এখন চিনাকি মুখ মুমিনুল আৱাল। বিৰোধীয়ে অনা অভিযোগ যুক্তিসংগতভাৱে উত্তৰ দিয়াত পাকৈ আছিল আৱাল। কিন্তু চলিত মাহৰ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সম্বোধন কৰা সংবাদমেলত সমকক্ষত বহা দেখিবলৈ পোৱা নগৈছিল আৱালক।

সুৰক্ষা কৱচৰ দাবী সন্দৰ্ভত তেওঁ কয়, “ধুবুৰী, জনীয়া, বাঘবৰ, লাহৰীঘাট, দলগাওঁকে ধৰি যি ২৫টা সমষ্টিৰ এখন তালিকাসহ স্মাৰক পত্ৰ মুখ্য মন্ত্ৰীৰ হাতত অৰ্পন কৰিছিলো। অসম চুক্তিৰ জৰিয়তে ৫৫ লাখ বিদেশী স্বদেশী হ’ল, যাৰ বাবে এই ২৫ টা সমষ্টিৰ ৰাজনৈতিক অধিকাৰ পূৰ্ববংগীয় মুছলমানে লাভ কৰিছে।  ধুবুৰী জিলাত কোচ ৰাজবংশীসকল, গোৱালপাৰাত ৰাভাসকল ক্ষতিগ্ৰস্ত হৈছে, মৰিগাঁৱত তিৱাসকল ক্ষতিগ্ৰস্ত হৈছে। এই ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহ সাংবিধানিক সুৰক্ষা কৱচ লাভ কৰাটো নিত্যান্তই প্ৰয়োজনীয়।”

Related News