• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Nayyara Noor: অসমত জন্মগ্ৰহণ কৰা পাকিস্তানৰ ‘বুলবুল’ কিংবদন্তি গায়িকা নায়াৰা নুৰৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2022 8:40 am
নায়াৰা নুৰ।

নায়াৰা নুৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Assam-born Pakistan melody queen Nayyara Noor কিংবদন্তী পাকিস্তানী গায়িকা নায়াৰা নুৰৰ পৰলোকপ্ৰাপ্তি ঘটিছে। বাতৰি অনুসৰি, দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত কিংবদন্তি গায়িকাগৰাকীৰ কৰাচীত থকা তেওঁৰ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।

নুৰৰ পৰিয়ালে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে দেওবাৰে আবেলি ৪ বজাত তেওঁক সমাধিস্থ কৰা হৈছে। তেওঁ এগৰাকী গজল গায়িকা হিচাপে প্ৰসিদ্ধ আছিল। নায়াৰাক তেওঁৰ সুমধুৰ কণ্ঠস্বৰৰ বাবে পাকিস্তানৰ ‘বুলবুল’ বুলি কোৱা হয়।

১৯৫০ চনৰ ৩ নৱেম্বৰত অসমৰ গুৱাহাটীত নায়াৰা নুৰৰ জন্ম হৈছিল। বেগম আখটাৰৰ গজল, কানন দেৱীৰ ভজন শুনি ডাঙৰ-দীঘল হৈছিল নায়াৰা। তেওঁ এটা ব্যৱসায়ী পৰিয়ালৰ কন্যা আছিল। নায়াৰাৰ পিতৃ অল ইণ্ডিয়া মুছলিম লীগৰ এজন সক্ৰিয় সদস্য আছিল।

নায়াৰা নুৰ।

১৯৫৭ চনত মাত্ৰ ৭ বছৰ বয়সত নায়াৰাই তেওঁৰ মাতৃ আৰু ভাই-ভনীৰ সৈতে পাকিস্তানলৈ গুচি যায়। অৱশ্যে, তেওঁৰ পিতৃয়ে তেওঁৰ পৰিয়ালৰ স্থাৱৰ সম্পত্তিৰ চোৱাচিতা কৰিবলৈ ১৯৯৩ চনলৈকে অসমত আছিল।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে নুৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ টুইটাৰত লিখিছে, “নায়াৰা নুৰে যি গাইছে, সেয়াই পূৰ্ণতা পাইছে। নায়াৰা নুৰৰ মৃত্যুত সৃষ্টি হোৱা শূন্যতা কেতিয়াও পূৰণ নহ’ব। মই তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছো।‘’

Heart breaking. I remember our last meeting and discussion at her place. She had moved beyond the worldly desires onto a serene and spiritual space with so much wisdom. She was our nightingale. May her soul rest in peace. #NayyaraNoor pic.twitter.com/sM5K77MncC

— Ali Zafar (@AliZafarsays) August 20, 2022

জানিব পৰা মতে, নায়াৰা নুৰৰ সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল। লাহোৰৰ ইছলামিয়া কলেজত পঢ়ি থকাৰ সময়ত কলেজখনৰ এজন অধ্যাপকে তেওঁক আৱিষ্কাৰ কৰে। তাৰ পিছত তেওঁক লাহোৰৰ নেচনেল কলেজ অৱ আৰ্টছত এক অনুষ্ঠানত গান গাবলৈ কোৱা হৈছিল।

#RIP Nayyara Noor ❤️ pic.twitter.com/RdSzpkJJm6

— Absa Komal (@AbsaKomal) August 21, 2022

১৯৭১ চনত নায়াৰা নুৰে প্ৰথমবাৰৰ বাবে পাকিস্তানত এখন ধাৰাবাহিকৰ বাবে গান গাইছিল। পিছত তেওঁ ‘ঘৰানা’, ‘তানসেন’ৰ দৰে চলচ্চিত্ৰত গান গাইছিল। নায়াৰাই প্ৰখ্যাত গজল গায়ক মেহেদী হাছান আৰু জনপ্ৰিয় গায়ক আহমেদ ৰুশ্দীৰ সৈতেও গান গাইছিল।  তিনিবাৰকৈ সোণৰ পদক লাভ কৰাৰ উপৰিও তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ পৰা ‘প্ৰাইড অফ পাৰ্ফমেন্স’ বঁটা লাভ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

September 5, 2025 2:15 pm
আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

September 5, 2025 1:02 pm
মহিলা ন্যায়াধীশৰ পৰা ৫০০ কোটি টকা মুক্তিপণ দাবী বৃদ্ধৰ! ঘটনাৰ আঁৰত আছে আচৰিত ৰহস্য

মহিলা ন্যায়াধীশৰ পৰা ৫০০ কোটি টকা মুক্তিপণ দাবী বৃদ্ধৰ! ঘটনাৰ আঁৰত আছে আচৰিত ৰহস্য

September 5, 2025 12:30 pm
অনুকৰণীয়! চিগাৰেটৰ টুকুৰা মুকলি স্থানত পেলোৱাৰ অপৰাধত পুত্ৰক জৰিমনা বিহিলে মিজোৰামৰ স্থানীয় প্ৰধানে

অনুকৰণীয়! চিগাৰেটৰ টুকুৰা মুকলি স্থানত পেলোৱাৰ অপৰাধত পুত্ৰক জৰিমনা বিহিলে মিজোৰামৰ স্থানীয় প্ৰধানে

September 5, 2025 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

September 5, 2025 2:15 pm
আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

September 5, 2025 1:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd