NORTHEAST NOW (Assamese)

ছনি টিভিৰ চুপাৰ ষ্টাৰ চিংগাৰত উজলিছে ৮ বছৰীয়া অসম সন্তান হৰ্ষিত নাথ

September 13, 2019 8:20 am · পাৰ্শ্বজ্যোতি গগৈ
হৰ্ষিত নাথ

নিজৰ প্ৰতিভাৰ বলত পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে হৰ্ষিত নাথ নামৰ আন এগৰাকী অসম সন্তান।

শিৱসাগৰৰ ৮ বছৰীয়া হৰ্ষিতে ছনি টিভিৰ ৰিয়েলিটি শ্ব’ ‘চুপাৰ ষ্টাৰ চিংগাৰ’ত প্ৰথম দহটা স্থানত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।

ইতিমধ্যে নিজৰ যাদুকৰী কন্ঠৰে দৰ্শক তথা বিচাৰকক অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা হৰ্ষিতে প্ৰতিটো খণ্ডতে সুন্দৰভাৱে গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰিছে।

ছনি টিভিৰ সংগীত প্ৰতিযোগিতাখনত বৰ্তমান ভোটিং প্ৰক্ৰিয়া আৰম্ভ হৈছে।

এতিয়া অসমবাসীৰ প্ৰতিটো ভোটৰ জৰিয়তে হৰ্ষিত নাথে প্ৰতিযোগিতাখনত বিজয়ী হোৱাৰ পথত আগবাঢ়িবলৈ সক্ষম হ’ব।

সুদুৰ মুম্বাইৰ পৰা এটা ভিডিঅ’ৰ জৰিয়তে হৰ্ষিতে অসমবাসীক তেওঁক ভোট দিবৰ বাবে অনুৰোধ জনাইছে।

ইতিমধ্যে বিভিন্ন ছ’চিয়েল মিডিয়াত হৰ্ষিতে ভোট বিচাৰি কৰা অনুৰোধৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।

উল্লেখযোগ্য যে, শিৱসাগৰৰ ধ্ৰুৱ নাথ আৰু চুজুকী নাথৰ পুত্ৰ হৰ্ষিত নাথে সৰুৰে পৰা গুৰু জয়ন্ত দত্ত আৰু অতনু বৰাৰ তত্বাৱধানত সংগীত শিক্ষা গ্ৰহণ কৰি আহিছে।

হৰ্ষিতক সংগীত প্ৰতিযোগিতাখনত বিজয়ী হবৰ বাবে Sonyliv app ডাউনলোড কৰি অথবা www.firstcry.com ৰ জৰিয়তে ভোটদান কৰিব পাৰিব । ভোটিং লাইন ১৫ চেপ্তেম্বৰ নিশা ৮ বজাৰ পৰা ১২ বজালৈ খোলা থাকিব।

Related News