NORTHEAST NOW (Assamese)

অসম বাজেট ২০২৫: সুলভ মূল্যতে ৰাইজে পাব দাইল, চেনি আৰু নিমখ

March 10, 2025 3:32 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি বিত্তমন্ত্ৰী অজন্তা নেওগে এক অভিলাষী বাজেট ঘোষণা কৰে।

এইবাৰৰ বাজেটে ৰাজ্যৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকললৈ আনিলে সুখৰ খবৰ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীসকল পাব অতিৰিক্ত সুবিধা।

এই বছৰৰ অক্টোবৰ মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ সকলো ৰেছন কাৰ্ডৰ গৰাকীলৈ ৰাজসাহায্যযুক্ত হাৰত এক কিলোগ্ৰাম মচুৰ দাইল, এক কিলোগ্ৰাম চেনি আৰু ১ কিলোগ্ৰাম নিমখ যোগান ধৰাৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।

৫ জনতকৈ অধিক সদস্য থকা পৰিয়াললৈ অতিৰিক্ত ১ কিলোগ্ৰাম মচুৰ দাইল আগবঢ়োৱা হব নেওগে জানিবলৈ দিয়ে।

অজন্তা নেওগে ঘোষণা কৰে যে ‘‘প্ৰতি কিলোগ্ৰাম মচুৰ দাইলত ২৫ টকাকৈ, প্ৰতি কিলোগ্ৰাম চেনিত ২০ টকাকৈ আৰু প্ৰতি কিলোগ্ৰাম নিমখত ১০ টকাকৈ ৰাজসাহায্যৰ প্ৰস্তাৱ কৰিলোঁ। ইয়াৰ বাবে বাজেটত অতিৰিক্ত ৩৭০ কোটি টকাৰ আবণ্টন কৰা হ’ল।’’

Related News