• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটত কি কি ঘোষণা কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে?

by
March 10, 2025 4:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম বিধান সভাত দাখিল হ’ল অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে অসম বাজেট ২০২৫-২৬।  বিত্তমন্ত্ৰীয়ে বাজেটত ঘোষণা কৰিলে বহুকেইটা গৰুত্বপূৰ্ণ  সিদ্ধান্ত।                                                                                                                                                                                      

তাৰ ভিতৰত কেইটামান সিদ্ধান্ত উল্লেখযোগ্য হৈছে-

Apply Now

এইবাৰ বাজেটত অসম চুক্তি ৬নং দফা ৰূপায়ণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ সমিতিয়ে আগবঢ়োৱা অনুমোদন অসম চৰকাৰে পৰীক্ষা কৰি ৰাজ্য চৰকাৰৰ আওঁতাৰ ভিতৰত পৰা অনুমোদনবোৰ ৰূপায়ণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।

হাতী-মাহৰ সংঘাত ৰোধৰ বাবে ৰাজ্যৰ ৫খন জিলা গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা আৰু শোণিতপুৰত হাতী-মাহৰ সংঘাত ৰোধৰ বাবে ‘গজ মিত্ৰ’ দল গঠনৰ ঘোষণা কৰে।

ঔদ্যোগিক পৰিৱেশ শক্তিশালীকৰণৰ বাবে বাজেটত  ডিব্ৰুগড়, গোলাঘাট, শিলচৰ, জাগীৰোড, পলাশবাৰী, তেজপুৰ আৰু নলবাৰীত নতুন ঔদ্যোগিক উদ্যান গঢ়াৰ প্ৰস্তাৱ কৰিছে। ইয়াৰোপৰি জাগীৰোড আৰু পলাশবাৰীত বৃহৎ টাউনশ্বিপ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা কৰিছে। আৰু ৰাজ্যত এটা ঔদ্যোগিক বেংক গঢ়ি তোলাৰো ঘোষণা কৰিছে।

আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বাজেটৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে ‘অসম মালা’ৰ প্ৰতিখন জিলাত ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ’ব। শিলচৰত নিৰ্মাণ কৰা হ’ব এখন উৰণ সেঁতু।

ডিব্ৰুগড়ত নতুন বিধানসভা ভৱন আৰু বিধায়কৰ হোষ্টেল নিৰ্মাণৰ ঘোষণা কৰা কৰে। সম-জিলাসমূহত ১৭টা স্থায়ী কাৰ্যালয় গৃহ নিৰ্মাণ, দৰঙত এখন চিকিৎসামহাবিদ্যালয় স্থাপন, কাৰ্বি আংলঙত এখন কৃষি মহাবিদ্যালয় আৰু এখন পশু চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত এখন কৃষি মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে। লগতে দশম অসম আৰক্ষী বেটেলিয়নক গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰ কৰা কথাও ঘোষণা কৰে।

কৃষকসকলৰ বাবে বাজেটত ন্যূনতম সমৰ্থন মূল্যৰ উপৰি  প্ৰতি কুইণ্টল ধানত ২৫০ টকা, প্ৰতি কুইণ্টল গোমধানত ২৫০ টকা আৰু প্ৰতি কুইণ্টল সৰিয়হত ৫০০ টকাকৈ চৰকাৰী সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱ কৰিছে।

বিদ্যুতৰ বিলৰক্ষেত্ৰত প্ৰতিমাহত ১২০ ইউনিট খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলক প্ৰতিটো ইউনিটত ১ টকাকৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ বাজেটত।

২৫,০০০ নামঘৰ আৰু আন ধৰ্মীয় প্ৰতিষ্ঠানলৈ বিত্তীয় সাহায্য বাজেটত। প্ৰতিটো ধৰ্মীয় প্ৰতিষ্ঠানলৈ দুটা সমান কিস্তিত ৩ লাখ টকাকৈ দিয়া হ’ব। ২০২৫ চনৰ ৩১ মাৰ্চৰ পূৰ্বে প্ৰথম কিস্তি আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত দ্বিতীয় কিস্তি মুকলি কৰি দিয়া হ’ব। ইয়াৰ বাবে ৪২০ কোটি টকা ধাৰ্য বাজেটত।

১০০০ যুৱ লেখকলৈ ২৫,০০০ টকাকৈ বিত্তীয় সমৰ্থনৰ ঘোষণা বাজেটত। গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ জিলা সদৰৰ বাবে ৫ লাখ আৰু সম জিলা সদৰৰ বাবে ২.৫ লাখ টকাকৈ বিত্তীয় সাহায্যৰ আশ্বাস। চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে ১০০০ টকাকৈ অতিৰিক্ত এককালীন অনুদানৰ ঘোষণা।

শূন্য ব্যয় দুৰ্ঘটনা আৰু মৃত্যু বীমাৰ সুবিধা ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সেইসকল কৰ্মচাৰীলৈকো সম্প্ৰসাৰিত কৰাৰ কথা ঘোষণা বাজেটত, যিসকলে তালিকাভুক্ত বাণিজ্যিক বেংকৰ পৰা দৰমহা লৈ আছে।

আশাকৰ্মী, পিএম পোষণৰ ৰান্ধনী, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ২০২৫ৰ ১ অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

চৰকাৰী কৰ্মচাৰীৰ বাবে বাজেটত কৰিছেপেঞ্চন আঁচনিৰ সুবিধা আগবঢ়োৱাৰ ঘোষণা কৰা  হ’ব।

বাজেটত ৰাজ্যখনৰ ৬.৮ লাখ চাহ শ্ৰমিকৰ প্ৰতিগৰাকীলৈ এককালীন বিত্তীয় সাহায্য হিচাপে ৫,০০০ টকাকৈ আগবঢ়োৱাৰ ঘোষণা।  ইয়াৰ বাবে বাজেটত ৩৪২ কোটি টকা আবণ্টন।

বাজেটত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ বাবে ৩,০৩৮ কোটি টকা ব্যয়ৰ লক্ষ্য, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে গ্ৰামাঞ্চলৰ ৩০ লাখ আত্মসহায়ক গোট আৰু নগৰাঞ্চলৰ ২ লাখ আত্মসহায়ক গোটক সামৰি লোৱা হ’ব।

ইয়াৰোপৰি বাইজেটত অসম উচ্চ আৰু কাৰিকৰী শিক্ষাৰ বাবে পুঁজি যোগান আঁচনি, মাছ, কণী আৰু গাহৰি উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জন আৰু হাঁহ-কুকুৰা খণ্ডৰ বাণিজ্যিকীকৰণৰ বাবে ২৪ কোটি টকা বাজেটত আবণ্টন কৰা হৈছে।

দুগ্ধ পালকসকলক প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ ৰাজসাহায্য প্ৰদানৰ ঘোষণা কৰিছে। লগতে বাজেটত  জনগোষ্ঠীয় সংঘৰ্ষত ক্ষতিগ্ৰস্ত ৪ হাজাৰ পৰিয়ালক সাহায্যৰ বাবে ৩০ কোটি টকাৰ প্ৰস্তাৱ কৰিছে।

চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টিলৈ সুবিধা প্ৰদানৰ প্ৰস্তাৱ কৰাৰ লগতে বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ শিক্ষকসকলৰ দৰমহা ২০,০০০ টকালৈ বৃদ্ধি কৰাৰ কথা বাজেটত ঘোষণা কৰিছে।  যুৱ দক্ষতা বৃদ্ধিৰ বাবেও ৫০ কোটি টকাৰ আবণ্টন কৰিছে বাজেটত।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd