NORTHEAST NOW (Assamese)

অসমৰ উপ-নিৰ্বাচনৰ ফলাফলত ক্লীন ছুইপ এনডিএ মিত্ৰজোঁটৰ! শাসকৰ সন্মুখত ৰকি-গৌৰৱৰ নীতিয়ে কৰিলে নতশিৰ

November 23, 2024 4:12 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 23, 2024 4:13 pm

চামগুৰিত বিজেপি প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাৰ বৃহৎ জয়লাভ। কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনক পৰাস্ত কৰে দীপ্লু ৰঞ্জন শৰ্মাই। বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। প্ৰায় ২৬ হাজাৰ ২০০ ভোটত জয়ী দীপ্লু ৰঞ্জন শৰ্মা। অতি আকৰ্ষণীয় হৈ পৰিছিল দীপ্লু ৰঞ্জন শৰ্মা আৰু হুছেইনৰ মাজৰ যুঁজ। অৱশেষ শেষ হাঁহি মাৰিলে দীপ্লু ৰঞ্জন শৰ্মাই। অৱশ্যে এতিয়াও আনুষ্ঠানিক ঘোষণা হ’ব বাকী আছে।

ইপিনে ধলাইত বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ জয়লাভ। বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰে বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে। নীহাৰ ৰঞ্জন দাসে লাভ কৰে ৬৮,৭৫৯টা ভোট। আনহাতে কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থই লাভ কৰে ৫৪,৭৪২ টা ভোট।

তদুপৰি বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ জয়লাভ। ৯,০৫৬টা ভোটত জয়লাভ কৰে দিগন্ত ঘাটোৱালে। পৰাস্ত হ’ল কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা।

ছিদলীত জয়লাভ কৰিলে বিজেপিৰ মিত্ৰদল UPPLৰ নিৰ্মল কুমাৰ ব্ৰহ্মই।

আনফালে বঙাইগাঁৱত জয়লাভৰ কৰে দিপ্তীময়ী চৌধুৰীয়ে। স্বামী ফণীভূষণৰ পিছতে বঙাইগাঁও সমষ্টিৰ পৰা বিধানসভালৈ দিপ্তীময়ী চৌধুৰী।

এই নিৰ্বাচনী ফলাফলত শাসকীয় বিজেপি মিত্ৰজোঁটৰ সন্মুখত স্তিমিত হোৱা দেখা গ’ল দুই কংগ্ৰেছৰ হেভীৱেইট নেতা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ ৰাজনীতি৷

Related News