NORTHEAST NOW (Assamese)

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: বাছ ভাড়া ২৫শতাংশ বৃদ্ধি, খিলঞ্জীয়াক প্ৰদান কৰিব ভূমি

October 22, 2019 7:35 am · এন ই নাও নিউজ
Updated: October 22, 2019 7:48 am
কেবিনেট বৈঠক। ফাইল ফটো

সোমবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এই কেবিনেট বৈঠকে লোৱা সিদ্ধান্ত সমূহৰ ভিতৰত আছে বাছ ভাড়া বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কেবিনেটে বাছভাড়া ২৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইন্দিৰা মিৰি য়ুনিভাৰ্ছেল উইদ’ পেঞ্চন আঁচনিৰ অধীনত সকলো বিধৱালৈ মাহে ৩০০ টকাকৈ পেঞ্চন আৰু ১-৪-২০১৯’ৰ পাছত বিধৱা হোৱা মহিলাক এককালীন সাহায্য হিচাপে ২৫ হাজাৰ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কেবিনেটে নতুন ভূমি নীতি গ্ৰহণ কৰিছে। সেই অনুসৰি ভূমিহীন খিলঞ্জীয়াক ৩ বিঘাকৈ কৃষিভূমি দিয়া হ’ব। ভূমিহীন ব্যক্তিক ঘৰ নিৰ্মাণ কৰিবলৈ আধা বিঘা মাটি দিয়া হ’ব। এই ভূমি ১৫ বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব।

প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত নিৰ্বাচিত হোৱা ভূমিহীন হিতাধিকাৰীক ভূমি ক্ৰয়ৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে।

কেবিনেটে গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে, ক্ষুদ্ৰ পৰিয়ালৰ নীতি অনুসৰি ১-১-২০২১চনৰ পৰা যিসকল ব্যক্তিৰ দুটাতকৈ বেছি সন্তান থাকিব তেওঁলোকক চৰকাৰী চাকৰিৰ বাবে বিবেচনা কৰা নহ’ব।

কেবিনেটে এক্সপ’ট আৰু লজিষ্টিক নীতি গ্ৰহণ কৰাৰ লগতে কন্টিনজেঞ্চি ফাণ্ড ১০০ কোটিৰ পৰা ২০০ কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

কেবিনেটৰ আন এক সিদ্ধান্ত অনুসৰি, পশুপালন খণ্ডত ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰাৰ বাবে ৫কোটি টকালৈকে ব্যক্তিগত বিনিয়োগক ৫০ শতাংশ ৰাজসাহায্য প্ৰদান কৰিব।

অটল অমৃত অভিযানত আই চি ইউত থকা আৰু জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীকো অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে।

কেবিনেটে আদৰ্শ গ্ৰামীণ যোজনাৰ গাইডলাইনতো অনুমোদন জনাইছে।

পি এন আৰ ডিত ১২৪৪টা নতুন পদত অনুমোদন জনোৱাৰ লগতে কেবিনেটে গড়কপ্টানি পথ বিভাগক পুনৰ্গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে কেবিনেটে ৫টা অধীক্ষক অভিযন্তাৰ পদ সৃষ্টি কৰাত অনুমোদন জনাইছে।

Related News