• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: বাছ ভাড়া ২৫শতাংশ বৃদ্ধি, খিলঞ্জীয়াক প্ৰদান কৰিব ভূমি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 22, 2019 7:48 am

2 min read

ne now

কেবিনেট বৈঠক। ফাইল ফটো

11.7k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এই কেবিনেট বৈঠকে লোৱা সিদ্ধান্ত সমূহৰ ভিতৰত আছে বাছ ভাড়া বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কেবিনেটে বাছভাড়া ২৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইন্দিৰা মিৰি য়ুনিভাৰ্ছেল উইদ’ পেঞ্চন আঁচনিৰ অধীনত সকলো বিধৱালৈ মাহে ৩০০ টকাকৈ পেঞ্চন আৰু ১-৪-২০১৯’ৰ পাছত বিধৱা হোৱা মহিলাক এককালীন সাহায্য হিচাপে ২৫ হাজাৰ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কেবিনেটে নতুন ভূমি নীতি গ্ৰহণ কৰিছে। সেই অনুসৰি ভূমিহীন খিলঞ্জীয়াক ৩ বিঘাকৈ কৃষিভূমি দিয়া হ’ব। ভূমিহীন ব্যক্তিক ঘৰ নিৰ্মাণ কৰিবলৈ আধা বিঘা মাটি দিয়া হ’ব। এই ভূমি ১৫ বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব।

প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত নিৰ্বাচিত হোৱা ভূমিহীন হিতাধিকাৰীক ভূমি ক্ৰয়ৰ বাবে ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে।

কেবিনেটে গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে, ক্ষুদ্ৰ পৰিয়ালৰ নীতি অনুসৰি ১-১-২০২১চনৰ পৰা যিসকল ব্যক্তিৰ দুটাতকৈ বেছি সন্তান থাকিব তেওঁলোকক চৰকাৰী চাকৰিৰ বাবে বিবেচনা কৰা নহ’ব।

কেবিনেটে এক্সপ’ট আৰু লজিষ্টিক নীতি গ্ৰহণ কৰাৰ লগতে কন্টিনজেঞ্চি ফাণ্ড ১০০ কোটিৰ পৰা ২০০ কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

কেবিনেটৰ আন এক সিদ্ধান্ত অনুসৰি, পশুপালন খণ্ডত ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰাৰ বাবে ৫কোটি টকালৈকে ব্যক্তিগত বিনিয়োগক ৫০ শতাংশ ৰাজসাহায্য প্ৰদান কৰিব।

অটল অমৃত অভিযানত আই চি ইউত থকা আৰু জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীকো অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে।

কেবিনেটে আদৰ্শ গ্ৰামীণ যোজনাৰ গাইডলাইনতো অনুমোদন জনাইছে।

পি এন আৰ ডিত ১২৪৪টা নতুন পদত অনুমোদন জনোৱাৰ লগতে কেবিনেটে গড়কপ্টানি পথ বিভাগক পুনৰ্গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে কেবিনেটে ৫টা অধীক্ষক অভিযন্তাৰ পদ সৃষ্টি কৰাত অনুমোদন জনাইছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd