কেবিনেট সিদ্ধান্ত: উচ্চ শিক্ষাত অ’বি চিৰ বাবে সংৰক্ষিত আসন ১৫ শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি

ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু।

বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰি কেবিনেট মন্ত্ৰী ৰণোজ পেগু আৰু কেশৱ মহন্তই সিদ্ধান্তসমূহ সদৰী কৰে।

কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্যিক বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত থকা অ’বি চিৰ বাবে সংৰক্ষিত ১৫ শতাংশ সংৰক্ষণ ২৭%লৈ বৃদ্ধি কৰা হয়। কেবিনেটে ছয় জনগোষ্ঠী টাই-আহোম, চুতীয়া, মৰান, মটক, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ বাবে পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহত বিশেষভাৱে আসন সংৰক্ষণ বৃদ্ধিৰ সিদ্ধান্ত লৈছে। এই সংৰক্ষণ অ’বিচিৰ বাবে সংৰক্ষিত ২৭ শতংশৰ ভিতৰতে থাকিব।  

তদুপৰি, অসমত হ’ব মহাত্মা গান্ধী আন্তঃৰাষ্ট্রীয় হিন্দী বিশ্ববিদ্যালয়ৰ কেম্পাছ। কামৰূপ জিলাৰ বকোত হ’ব এই বিশ্ববিদ্যালয়খনৰ নতুন কেম্পাছ। বিশ্ববিদ্যালয়খনত চলিত বৰ্ষৰ পৰাই পাঠদান আৰম্ভৰ পৰিকল্পনা কৰি হৈছে।

আনহাতে, চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন আঁচনি প্রণয়ন কৰা হ’ব। কৰ্মচাৰীসকলক নতুন আঁচনি ‘সুগমৰ পৰা দুৰ্গম’ৰে সংযুক্ত কৰা হ’ব। এই আঁচনিৰ অধীনত কৰ্মচাৰীসকলে দুৰ্গম অঞ্চলত ৩-৫ বছৰ কাম কৰিব লাগিব।

সেইদৰে, ৰাজ্যৰ ১৮,৪২১কিঃমিঃ পথ অসম ৰোড নেটৱৰ্ক মাষ্টাৰ প্লেনৰ অন্তৰ্ভূক্ত হ’ব। ইয়াৰে ৪,৬৭৩ কিঃ মিঃ ৰাষ্ট্রীয় ঘাইপথ কেন্দ্রীয় চৰকাৰে চোৱা-চিতা কৰিব। বাকী ৫,২২০ কিঃ মিঃ ৰাজ্যিক ঘাইপথ ৰাজ্য চৰকাৰে চোৱা-চিতা কৰিব। তদুপৰি, ৮,৬৩৮ কিঃ মিঃ জিলাৰ প্রধান পথৰ চোৱা-চিতাৰ দায়িত্বও ল’ব ৰাজ্য চৰকাৰে।

ইপিনে, কেবিনেটত সিদ্ধান্ত লোৱা হয় যে চাহ বাগিচাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ পুষ্টিৰ বাবে প্ৰতি সপ্তাহত ৩ দিন কণী দিয়া হ’ব। পূৰ্বে সপ্তাহত এবাৰ কণী দিয়া হৈছিল।