Assam Career : NIPER গুৱাহাটীত ইনকিউবেচন মেনেজাৰৰ পদ খালী, কেনেদৰে কৰিব আবেদন?

Assam Career

নেচনেল ইনষ্টিটিউট ইন ফাৰ্মাচিউটিকেল চাইন্স (NIPER) গুৱাহাটীয়ে বায়ো-নেষ্ট এনআইপিআৰ-গুৱাহাটী নামৰ ইয়াৰ ইনকিউবেচন চেণ্টাৰৰ বাবে ইনকিউবেচন মেনেজাৰ পদত যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে।

পদৰ নাম : ইনকিউবেচন মেনেজাৰ

পদৰ সংখ্যা : ১

অৰ্হতা :
এটা প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত ঔদ্যোগিক বিকাশ, ব্যৱসায় বিকাশ/  একত্ৰীকৰণ/ ৰণনীতি পৰিকল্পনাত নূন্যতম ৫ বছৰৰ অভিজ্ঞতা থকা হ’ব লাগিব।প্ৰতিষ্ঠিত প্ৰতিষ্ঠান এটাৰ পৰা জীৱ বিজ্ঞান/ প্ৰাকৃতিক সামগ্ৰী বা আনুষঙ্গিক ক্ষেত্ৰত পি.এইচ.ডি, স্বাস্থ্যসেৱা আৰু জৈৱ-উদ্ভাৱন ষ্টাৰ্টআপৰ সৈতে সম্পৰ্কিত কামৰ অভিজ্ঞতা থাকিলে ভাল।
জীৱ বিজ্ঞান/ ফাৰ্মাচিউটিকেল বিজ্ঞান/ ৰাসায়নিক বিজ্ঞান/ ব্যৱস্থাপনা বিজ্ঞানত স্নাতকোত্তৰ শ্ৰেণীত প্ৰথম শ্ৰেণী, যাৰ ঔদ্যোগিক বিকাশ, ব্যৱসায় বিকাশ/ একত্ৰীকৰণ/ ৰণনীতি পৰিকল্পনাত নিম্নতম ১০ বছৰৰ অভিজ্ঞতা আছে। স্বাস্থ্যসেৱা আৰু জৈৱ-উদ্ভাৱন ষ্টাৰ্টআপৰ সৈতে সম্পৰ্কিত কামৰ অভিজ্ঞতা থাকিলে ভাল।

Also read : Assam Career : NECTARত পদ খালী, কি পদৰ বাবে কেনেদৰে কৰিব আবেদন?

ষ্টাৰ্টআপ আৰু ঔদ্যোগিক পৰিস্থিতিতন্ত্ৰৰে  সম্পৰ্কিত কাৰ্যকলাপ সন্দৰ্ভত আৰু অভিজ্ঞতা থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব।

ধাৰণা, ডিজাইন, সমীক্ষা, আৰু ৰণনীতি, পদক্ষেপ আৰু কাৰ্যসূচীৰ ব্যৱস্থাপনা আদি বিষয়ত  অভিজ্ঞতা থাকিলে ভাল।

উৎকৃষ্ট মৌখিক আৰু লিখিত যোগাযোগ দক্ষতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব।
পাৰিশ্ৰমিক : ৭৫০০০ টকাৰ পৰা ১০০০০০/- টকা (অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি)

সৰ্বাধিক বয়সৰ সীমা : ৫০ বছৰ
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে পৰিশিষ্টত দিয়া ফৰ্মেটত তেওঁলোকৰ আবেদনকৰিব পাৰে। আবেদনত  জন্মৰ তাৰিখ/ ডিগ্ৰী/ প্ৰমাণপত্ৰ/ মাৰ্কশ্বীট/ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ/ নথিপত্ৰ আদিৰ বিতং তথ্যৰ লগতে  আৰু স্ব-প্ৰমাণিত প্ৰতিলিপিৰ সৈতে, “ইনকিউবেচন মেনেজাৰ পদৰ বাবে আবেদন” হিচাপে লিখিব লাগিব।  ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল বিজ্ঞান প্ৰতিষ্ঠান (এন.আই.পি.আৰ.), চিলা কাটামুৰ (হালুগুৰিচুক), পি.ও.- চাংসাৰী, জিলা- কামৰূপ, অসম, পিন-৭৮১১০১ ঠিকনালৈ ৮ আগষ্ট ২০২২ৰ ভিতৰত  (সন্ধিয়া ৫ বজালৈ) পঠিয়াব লাগিব।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক
https://niperguwahati.ac.in/DOC/RECRUITMENT/PROJECT-POSITONS/Bio-Nest-190722.pdf

Also read : Assam Career : পশুপালন আৰু পশু চিকিৎসা বিভাগত ১৬২ টা পদ খালী কিদৰে কৰিব অনলাইন আবেদন ?