ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে অসমত বিভিন্ন কাৰিকৰী পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে।
প্ৰতিষ্ঠানটোৱে অসমত প্ৰকল্প অভিযন্তা-১ পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম : প্ৰকল্প অভিযন্তা-১
পদৰ সংখ্যা : ২
অৰ্হতা : ইলেক্ট্ৰনিকছ / ইলেক্ট্ৰনিক্স / যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু টেলিকমিউনিকেচন / যোগাযোগ / বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক্স / কম্পিউটাৰত বিই/বিটেক/বিএছচি (ইঞ্জিনিয়াৰিং- ৪ বছৰ)
বিজ্ঞান / তথ্য প্ৰযুক্তি / তথ্য বিজ্ঞান। সকলো ছেমিষ্টাৰ/বছৰৰ মুঠ – সাধাৰণ, অ’বিচি (এনচিএল) আৰু ইডব্লিউএছ প্ৰাৰ্থীয়ে ৫৫% বা ততোধিক আৰু অনুসূচীত জাতি/অনুসূচীত জনজাতি/আৰ্থিকভাবে দুৰ্বল শ্ৰেণীৰ প্ৰাথীৰ বাবে কেৱল উত্তীৰ্ণ হ’লেই হ’ব।
অভিজ্ঞতা : ২০২২ চনৰ ১ জুন তাৰিখলৈ নূন্যতম ২ বছৰৰ অভিজ্ঞতা থকাটো প্ৰয়োজনীয়।
পাৰিশ্ৰমিক : প্ৰথম বছৰৰ বাবে প্ৰতি মাহে ৪০,০০০/- টকা, দ্বিতীয় বছৰৰ বাবে প্ৰতি মাহে ৪৫,০০০/- টকা, তৃতীয় বছৰৰ বাবে প্ৰতি মাহে ৫০,০০০/- টকা আৰু চতুৰ্থ বছৰৰ বাবে প্ৰতি মাহে ৫৫,০০০/- টকা।
বয়সৰ উৰ্ধতম সীমা : ১ জুন ২০২২লৈ প্ৰাৰ্থীৰ বয়স ৩২ বছৰৰ বেছি হ’ব নালাগিব।
বাছনি প্ৰক্ৰিয়া: প্ৰাৰ্থীসকলৰ বাছনি লিখিত পৰীক্ষাৰ জৰিয়তে হ’ব। লিখিত পৰীক্ষাৰ পিছত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ’ব, কেৱল লিখিত পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলকহে সাক্ষাৎকাৰলৈ মতা হ’ব । লিখিত পৰীক্ষা / সাক্ষাৎকাৰৰ স্থান পিছত অৱগত কৰা হ’ব।
Also Read: Assam Career: শ্ৰী শংকৰদেৱ নেত্ৰালয়ত খালী হৈছে একাধিক পদ, কি পদৰ বাবে কেনেদৰে কৰিব আবেদন?
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে তেওঁলোকৰ আবেদন উপ মহাপ্ৰৱন্ধক (এমআৰ, এমএছ এণ্ড এডিএছএন), ভাৰত ইলেক্ট্ৰনিকছ লিমিটেড, জালাহাল্লি পথ, বেংগালুৰু-৫৬০০১৩লৈ প্ৰেৰণ কৰিব পাৰে ।
প্ৰাৰ্থীসকলে আবেদনৰ সৈতে নিম্নলিখিত নথি-পত্ৰবোৰ সংলগ্ন কৰিব লাগিব-
ক) দশম শ্ৰেণীৰ মাৰ্কশ্বিট (জন্ম তাৰিখৰ প্ৰমাণ হিচাপে)
খ) শিক্ষাগত অৰ্হতাৰ সকলো প্ৰমাণপত্ৰ (মেট্ৰিক/দশম শ্ৰেণীৰ পৰা আৰম্ভ কৰি) ।
গ) বি.ই./বি.টেক/বি.এছ.চি.(৪ বছৰীয়া) ডিগ্ৰীৰ প্ৰমাণপত্ৰ ।
ঘ) সকলো ছেমিষ্টাৰৰ মাৰ্ক্সশ্বীট/চূড়ান্ত একত্ৰিত নম্বৰৰ প্ৰমাণপত্ৰ।
ঙ) অনুসূচীত জাতি/অনুসূচীত জনজাতি/ অ’বিচি(এনচিএল)/ পি ডব্লিউ বি ডি/ই ডব্লিউ এছৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত জাতি/সম্প্ৰদায়/বিকলাঙ্গতা/উপা
আৱেদনৰ অন্তিম তাৰিখ হৈছে ৬ জুলাই, ২০২২
আবেদনৰ সবিশেষ জানিবলৈ ক্লিক কৰক- Click here
Also Read: JOB VACANCY: এডিপি কলেজ, নগাঁৱত গ্ৰেড-৩ আৰু গ্ৰেড-৪ পদ খালী, কিদৰে কৰিব আবেদন?