NORTHEAST NOW (Assamese)

অসম চেম্বাৰ অৱ কমাৰ্চলৈ টাইমছ গ্ৰুপ অৱ ইণ্ডিয়াৰ বঁটা

June 10, 2019 8:52 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

অসমৰ আৰ্থ-সামাজিক তথা ব্যৱসায়ৰ বিকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অসম চেম্বাৰ অৱ কমাৰ্চক টাইমছ গ্ৰুপ অৱ ইণ্ডিয়াই Contribution Towards Growth & Development of Business-2019 বঁটাৰে সন্মানিত কৰে।

গুৱাহাটীৰ হোটেল তাজ ভিৱান্তাত অনুষ্ঠিত হৈ থকা টাইমছ গ্ৰুপ অৱ ইণ্ডিয়াৰ Times Business Awards Assam-2019 শীৰ্ষক অনুষ্ঠানত কালি অৰ্থাৎ দেওবাৰে এই বঁটা প্ৰদান কৰা হয়।

উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত টাইমছ গ্ৰুপ অৱ ইণ্ডিয়াৰ প্ৰতিনিধিসকলৰ লগতে বলীউডৰ তাৰকা কুনাল কাপুৰ, বিদ্যুৎ জামলৰ লগতে অসমীয়া ছবি আৰু সাংস্কৃতিক জগতৰ বহু কেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰী আৰু সংগীত শিল্পী উপস্থিত থাকে।

তদুপৰি জনপ্ৰিয় অভিনেতা কপিল বৰাই পৰিচালনা কৰা কালি উক্ত অনুষ্ঠানটোত অসম চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীকে ধৰি কেইবাজনো বিষয়াববীয়াই অংশগ্ৰহণ কৰে।

Related News